December 20, 2025 12:15 PM

views 12

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ অধ্যক্ষ জয় শ্বাহক হকী ইণ্ডিয়াৰ সভাপতি ড০ দিলীপ কুমাৰ টিৰ্কীৰ সাক্ষাৎ

হকী ইণ্ডিয়াৰ সভাপতি ড০ দিলীপ কুমাৰ টিৰ্কীয়ে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ অধ্যক্ষ জয় শ্বাহক কালি সাক্ষাৎ কৰে। এই সাক্ষাৎকালত দুয়োগৰাকীয়ে ভাৰতত হকীৰ দীৰ্ঘম্যাদী উন্নয়ন সন্দৰ্ভত মত বিনিময় কৰে। দেশত হকী শক্তিশালী কৰাৰ ক্ষেত্ৰত দেখুওৱা আগ্রহ, ইতিবাচক মনোভাৱ আৰু সহযোগিতামূলক পদক্ষেপৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ অধ্যক্ষ জয় শ্বাহক হকী ইণ্ডিয়াই ধন্যবাদ জ্ঞাপন কৰে ।