November 10, 2025 1:37 PM November 10, 2025 1:37 PM

views 14

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পদার্থ বিজ্ঞানী ড° দিলীপ চৌধুৰীৰ দেহাৱসান

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পদার্থ বিজ্ঞানী ড° দিলীপ চৌধুৰীৰ কালি গুৱাহাটীৰ নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ। কালি বিয়লি ভূতনাথ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। অধ্যাপক চৌধুৰীৰ মৃত্যুত ৰাজ্যৰ শৈক্ষিক সমাজত শোকৰ ছাঁ পৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা অধ্যাপক চৌধুৰী, উচ্চ শক্তিসম্পন্ন পদার্থ বিজ্ঞানৰ গৱেষণামূলক কামৰ বাবে সুপৰিচিত আছিল। নলবাৰী জিলাৰ পকোৱাত জন্মগ্ৰহণ কৰা ড° চৌধুৰীয়ে কটন মহাবিদ্যালয়ৰ পৰা বি এছ চি আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰ...