December 31, 2024 6:50 PM

views 10

ডিজি যাত্ৰাৰ তথ্যৰ সহায়ত কৰ ফাঁকি দিয়া লোকসকলক দমন কৰা হ’ব : কেন্দ্ৰ

কেন্দ্ৰীয় চৰকাৰে ডিজি যাত্ৰাৰ তথ্যৰ সহায়ত কৰ ফাঁকি দিয়া লোকসকলক দমন কৰা হ'ব বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিক ভিত্তীহীন আখ্যা দিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ এটা সূত্ৰই স্পষ্ট কৰি দিছে যে ডিজি যাত্রা সন্দৰ্ভত সম্প্ৰচাৰিত এনে প্রতিবেদন ভুৱা আৰু ভিত্তিহীন। মন্ত্ৰালয়ে লগতে আয়কৰ বিভাগৰ সৈতে ডিজি যাত্ৰাৰ যাত্ৰীসকলৰ কোনো তথ্য ভাগ-বতৰা কৰা হোৱা নাই বুলিও স্পষ্টীকৰণ দিছে। ডিজি যাত্ৰা এপটোৱে আত্ম-সার্বভৌম পৰিচয় ধাৰণাক অনুসৰণ কৰে, য'ত যাত্ৰীসকলৰ তথ্য আৰু ভ্ৰমণ সম্পৰ্কীয় প-পত্ৰসমূহ ...