August 26, 2025 12:43 PM

views 12

ডিগবৈ থানাক ৰাজ্যৰ শ্ৰেষ্ঠ থানা হিচাপে বাছনি গৃহ মন্ত্ৰ্যালয়ৰ

গৃহ মন্ত্ৰ্যালয়ে তিনিচুকীয়া জিলাৰ ডিগবৈ থানাক ৰাজ্যৰ শ্ৰেষ্ঠ থানা হিচাপে বাছনি কৰিছে। দেশৰ ৭৬ খন থানাৰ ভিতৰত ডিগবৈ থানাই স্মাৰ্ট আৰক্ষী সেৱাৰ জৰিয়তে এই সন্মান লাভ কৰিছে। আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত ডিগবৈ থানাক শ্রেষ্ঠ থানা হিচাপে প্রশংসা পত্র প্রদান কৰা হ'ব। অসম আৰক্ষীৰ পৰিদৰ্শক দিব্যজ্যোতি দত্তই ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দায়িত্ব পালন কৰি আছে। বিষয়াগৰাকীৰ নেতৃত্বত ডিগবৈ অঞ্চলত অপৰাধমূলক কাম-কাজ হ্ৰাস পোৱাৰ উপৰি কেইবাটাও অঞ্চলত সজাগতাৰ সৃষ্টি হৈছে।

August 25, 2025 8:35 PM

views 13

ডিগবৈ থানাক ৰাজ্যৰ শ্ৰেষ্ঠ থানা হিচাপে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ৰ বাছনি

কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ে তিনিচুকীয়া জিলাৰ ডিগবৈ থানাক ৰাজ্যৰ শ্ৰেষ্ঠ থানা হিচাপে বাছনি কৰিছে। কাইলৈ অসম আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত ডিগবৈ থানাক শ্রেষ্ঠ থানা হিচাপে প্রশংসা পত্ৰ প্ৰদান কৰিব। অসম আৰক্ষীৰ পৰিদৰ্শনক দিব্যজ্যোতি দত্তই ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দায়িত্ব পালন কৰি আছে। বিষয়াগৰাকীৰ নেতৃত্বত ডিগবৈ অঞ্চলত অপৰাধমূলক কামকাজ হ্ৰাস পোৱাৰ উপৰি কেইবাটাও অঞ্চলত সজাগতাৰ সৃষ্টি হৈছে।