May 24, 2025 12:12 PM

views 23

শংকৰজ্যোতি বৰুৱাক হাতকেৰেয়া লগাই আদালতত হাজিৰ কৰোৱা বিষয় সন্দৰ্ভত মানৱ অধিকাৰ আয়োগৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

মানৱ অধিকাৰ আয়োগে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে হাতকেৰেয়া লগাই আদালতত হাজিৰ কৰোৱা বিষয়টো সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। ডিব্ৰুগড় জিলা আয়ুক্তক সবিশেষ নথি-পত্রসহ শীঘ্ৰে এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। আনহাতে নির্দেশনাটোত ডিব্ৰুগড় আৰক্ষী অধীক্ষকক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্তৰ শেহতীয়া তথ্য মানৱ অধিকাৰ আয়োগক জমা দিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ দুলিয়াজানৰ এটা তেলডিপোত দুটা পক্...

May 20, 2025 8:21 PM

views 14

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী প্ৰশান্ত ফুকনৰ উপস্থিতিত মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠক

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি মহকুমা ভূমি উপদেষ্টা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। ৰাজ্যত শক্তি, দক্ষতা বিকাশ, নিয়োগ, উদ্যমিতা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত ৰাজহুৱা প্ৰতিষ্ঠানৰ আন্তঃগাথনি আৰু তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত চৰকাৰী ভূমি আৱণ্টনৰ বাবে লাভ কৰা প্ৰতিবেদনসমূহ উপস্থাপন কৰা হয়। এই বৈঠকত প্রতিবেদনসমূহ পুংখানুপুংখভাৱে নিৰীক্ষণ তথা বিবেচনা কৰি নীতিগত অনুমোদন জনোৱা হয়। বৈঠকত দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা আৰু জিলা আয়ুক্ত বৈক্ৰম কৈৰী উপস্থিত থাকে...

April 27, 2025 7:15 PM

views 42

ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাত প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত বিস্তৰ ক্ষতি

ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত মদাৰখাট মৌজাত অহা প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত বহু ঘৰ, বিদ্যালয়, নামঘৰকে ধৰি বহু সা-সম্পত্তিৰ বিস্তৰ হৈছে। মদাৰখাটৰ হাতখোলা, হাবিচুক, বাঙলিটিং, টিমনা, তামুলবাৰী চাহ বাগিচাত ধুমুহাই ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে প্রকাণ্ড গছ উভালি পৰে। প্ৰচণ্ড ধুমুহাৰ ফলত খুঁটা বাগৰি বিদ্যুৎ সেৱাও ব্যাহত হৈ পৰিছে। তদুপৰি প্রবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত ৰবি শস্যৰ বিস্তৰ ক্ষতি হয়। গাঁওপ্রধানসকলে ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শনৰ অন্তত ৰাজহ চক্ৰ বিষয়া তথা জিলা...

April 7, 2025 6:54 PM

views 13

ডিব্ৰুগড়ত উত্তৰ-পূব উদ্যোগী নাৰী সন্থাৰ ৰঙালী ৰং শীৰ্ষক বস্ত্ৰমেলা

উত্তৰ-পূব উদ্যোগী নাৰী সন্থাই ডিব্ৰুগড়ৰ জেউতি মৰল সংঘ খেলপথাৰত আজিৰে পৰা ৫ দিনীয়াকৈ ৰঙালী ৰং শীৰ্ষক এখন বস্ত্ৰমেলাৰ আয়োজন কৰিছে। অসম পৰ্যটন উদ্যোগ নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই আনুষ্ঠানিকভাৱে এই মেলাৰ শুভাৰম্ভ কৰে। উত্তৰ-পূব উদ্যোগী নাৰী সন্থাই মহিলা উদ্যোগীৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী আৰু জনজাতীয় খাদ্য সম্ভাৰৰ মেলাৰ আয়োজনৰ জৰিয়তে বিগত কেইবা বছৰ ধৰি মহিলা সবলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে।

March 30, 2025 3:40 PM

views 24

চতুর্থ বার্ষিক নিলয় দত্ত আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্রিকেটত আই আই টি গুৱাহাটীৰ বিজয়ৰ খিতাপ

■ ডিব্ৰুগড় বিশ্ববিদ্যালয় খেলপথাৰত কালি অনুষ্ঠিত চতুর্থ বার্ষিক নিলয় দত্ত আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্রিকেট প্রতিযোগিতাত আই আই টি গুৱাহাটীয়ে বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। কালি অনুষ্ঠিত চূড়ান্ত খেলত আই আই টি গুৱাহাটীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক পৰাজিত কৰি এই খিতাপ অৰ্জন কৰে। ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ তত্বাৱধানত কালি অনুষ্ঠিত প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

March 18, 2025 12:17 PM

views 19

ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত যোৱা নিশা হোৱা ধুমুহাৰ ফলত জিলাখনত বিস্তৰ ক্ষতি

ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত যোৱা নিশা হোৱা ধুমুহাৰ ফলত জিলাখনত বিস্তৰ ক্ষতি হয়। চাবুৱা- লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ৰহমৰীয়া অঞ্চলৰ এই ধুমুহাজাকে বিস্তৰ ক্ষতি সাধন কৰে । জিলাখনৰ টেঙাখাত, বৰবৰুৱা, লাহোৱাল, বকুল, জোকাই আদি অঞ্চলটো ধুমুহাই বহুলোকৰ ঘৰদুৱাৰৰ ক্ষতি হোৱা বুলি আমাৰ সংসাদদাতাই জনাইছে।

March 17, 2025 7:01 PM

views 18

ডিব্ৰুগড়ত জিলা আয়ুক্তৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠক অনুষ্ঠিত

ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত আজি জিলাখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা নির্বাচনী বিষয়াসকলেও অংশগ্রহণ কৰে। এই বৈঠকত জিলাখনৰ ছটা বিধানসভা সমষ্টিৰ এহেজাৰ ২৪৪টা ভোটগ্রহণ কেন্দ্ৰৰ বাবে ৰাজনৈতিক দলৰ দ্বাৰা উন্নয়ন খণ্ড পৰ্যায়ৰ এজেণ্ট নিযুক্তি তথা ভোটাৰ তালিকা সংশোধনৰ সৈতে জড়িত বিষয়সমূহ আলোচনা কৰা হয়। তদুপৰি নিৰ্বাচন সংক্রান্তীয় বিভিন্ন বিষয় যেনে- ভোটগ্রহণ কেন্দ্র নিৰ্ধাৰণ, স্থানান্তৰণ আৰু যাৱতীয়...

March 13, 2025 11:37 AM

views 14

শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ কাম ২০২৬ বৰ্ষৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ৰাজ্যপালৰ নিৰ্দেশ

■ ডিব্ৰুগড় জিলাৰ চাবুৱাত নিৰ্মাণৰত শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ কাম অহা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষণ প্রসাদ আচার্যই নির্দেশ দিছে। ৰাজ্যপালগৰাকীয়ে কালি উত্তৰ-পূবৰ প্ৰথমখন ৰাজ্যিক ক্রীড়া বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি লেহেমীয়া গতিৰে চলি থকা কামক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ কাৰ্যকালত এই বিশ্ববিদ্যালয়খন নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত ২০২৩ চনত মুখ্যমন্ত্র...

March 4, 2025 10:52 AM

views 27

৫৬ সংখ্যক ডিব্ৰুগড় বিশ্ববিদ্যালয় সপ্তাহত প্ৰখ্যাত এথলিট পি টি ঊষা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

● ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫৬ সংখ্যক বিশ্ববিদ্যালয় সপ্তাহৰ অনুষ্ঠানত কালি প্ৰখ্যাত এথলিট তথা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি ঊষা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত এথলিটগৰাকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সৃষ্টি কৰা ক্ৰীড়াৰ পৰিৱেশে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সৃষ্টি কৰাত অৰিহণা যোগাব বুলি মন্তব্য কৰে। শ্ৰী সোণোৱালে নিজৰ ভাষণত কয়, যে অসমে বিশ্বৰ বুকুত নিজৰ স্থিতি শক্তিশালীৰূপত প্ৰতিষ্ঠা কৰিবলৈ হ'লে শিক্ষাৰ সমানেই সংস্কৃতি, গৱেষণা, ক্রীড়া আদি...

February 18, 2025 12:59 PM

views 15

ডিব্ৰুগড়ত মহিলা আৰু শিশু কল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ পৰ্যালোচনা অন্নপূর্ণ দেৱী যাদৱৰ

কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্রী অন্নপূর্ণ দেৱী যাদৱে কালি ডিব্ৰুগড়ত জিলাখনৰ মহিলা আৰু শিশুসকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰৰ বিভাগীয় বিষয়াসকলৰ সৈতে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে দ্বিতীয় পৰ্যায়ৰ পোষণ অভিযানৰ অধীনত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আৰু জিলাখনৰ আটাইবোৰ সক্ষম অংগনৱাড়ী কেন্দ্ৰৰ কাম-কাজৰ বিতংভাৱে পৰ্যালোচনা কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। শ্রীমতী যাদৱে জ...