March 30, 2025 3:40 PM March 30, 2025 3:40 PM

views 8

চতুর্থ বার্ষিক নিলয় দত্ত আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্রিকেটত আই আই টি গুৱাহাটীৰ বিজয়ৰ খিতাপ

■ ডিব্ৰুগড় বিশ্ববিদ্যালয় খেলপথাৰত কালি অনুষ্ঠিত চতুর্থ বার্ষিক নিলয় দত্ত আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্রিকেট প্রতিযোগিতাত আই আই টি গুৱাহাটীয়ে বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। কালি অনুষ্ঠিত চূড়ান্ত খেলত আই আই টি গুৱাহাটীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক পৰাজিত কৰি এই খিতাপ অৰ্জন কৰে। ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ তত্বাৱধানত কালি অনুষ্ঠিত প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

March 18, 2025 12:17 PM March 18, 2025 12:17 PM

views 7

ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত যোৱা নিশা হোৱা ধুমুহাৰ ফলত জিলাখনত বিস্তৰ ক্ষতি

ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত যোৱা নিশা হোৱা ধুমুহাৰ ফলত জিলাখনত বিস্তৰ ক্ষতি হয়। চাবুৱা- লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ৰহমৰীয়া অঞ্চলৰ এই ধুমুহাজাকে বিস্তৰ ক্ষতি সাধন কৰে । জিলাখনৰ টেঙাখাত, বৰবৰুৱা, লাহোৱাল, বকুল, জোকাই আদি অঞ্চলটো ধুমুহাই বহুলোকৰ ঘৰদুৱাৰৰ ক্ষতি হোৱা বুলি আমাৰ সংসাদদাতাই জনাইছে।

March 17, 2025 7:01 PM March 17, 2025 7:01 PM

views 9

ডিব্ৰুগড়ত জিলা আয়ুক্তৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠক অনুষ্ঠিত

ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত আজি জিলাখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা নির্বাচনী বিষয়াসকলেও অংশগ্রহণ কৰে। এই বৈঠকত জিলাখনৰ ছটা বিধানসভা সমষ্টিৰ এহেজাৰ ২৪৪টা ভোটগ্রহণ কেন্দ্ৰৰ বাবে ৰাজনৈতিক দলৰ দ্বাৰা উন্নয়ন খণ্ড পৰ্যায়ৰ এজেণ্ট নিযুক্তি তথা ভোটাৰ তালিকা সংশোধনৰ সৈতে জড়িত বিষয়সমূহ আলোচনা কৰা হয়। তদুপৰি নিৰ্বাচন সংক্রান্তীয় বিভিন্ন বিষয় যেনে- ভোটগ্রহণ কেন্দ্র নিৰ্ধাৰণ, স্থানান্তৰণ আৰু যাৱতীয়...

March 13, 2025 11:37 AM March 13, 2025 11:37 AM

views 4

শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ কাম ২০২৬ বৰ্ষৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ৰাজ্যপালৰ নিৰ্দেশ

■ ডিব্ৰুগড় জিলাৰ চাবুৱাত নিৰ্মাণৰত শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ কাম অহা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষণ প্রসাদ আচার্যই নির্দেশ দিছে। ৰাজ্যপালগৰাকীয়ে কালি উত্তৰ-পূবৰ প্ৰথমখন ৰাজ্যিক ক্রীড়া বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি লেহেমীয়া গতিৰে চলি থকা কামক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ কাৰ্যকালত এই বিশ্ববিদ্যালয়খন নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত ২০২৩ চনত মুখ্যমন্ত্র...

March 4, 2025 10:52 AM March 4, 2025 10:52 AM

views 17

৫৬ সংখ্যক ডিব্ৰুগড় বিশ্ববিদ্যালয় সপ্তাহত প্ৰখ্যাত এথলিট পি টি ঊষা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

● ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫৬ সংখ্যক বিশ্ববিদ্যালয় সপ্তাহৰ অনুষ্ঠানত কালি প্ৰখ্যাত এথলিট তথা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি ঊষা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত এথলিটগৰাকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সৃষ্টি কৰা ক্ৰীড়াৰ পৰিৱেশে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সৃষ্টি কৰাত অৰিহণা যোগাব বুলি মন্তব্য কৰে। শ্ৰী সোণোৱালে নিজৰ ভাষণত কয়, যে অসমে বিশ্বৰ বুকুত নিজৰ স্থিতি শক্তিশালীৰূপত প্ৰতিষ্ঠা কৰিবলৈ হ'লে শিক্ষাৰ সমানেই সংস্কৃতি, গৱেষণা, ক্রীড়া আদি...

February 18, 2025 12:59 PM February 18, 2025 12:59 PM

views 9

ডিব্ৰুগড়ত মহিলা আৰু শিশু কল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ পৰ্যালোচনা অন্নপূর্ণ দেৱী যাদৱৰ

কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্রী অন্নপূর্ণ দেৱী যাদৱে কালি ডিব্ৰুগড়ত জিলাখনৰ মহিলা আৰু শিশুসকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰৰ বিভাগীয় বিষয়াসকলৰ সৈতে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে দ্বিতীয় পৰ্যায়ৰ পোষণ অভিযানৰ অধীনত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আৰু জিলাখনৰ আটাইবোৰ সক্ষম অংগনৱাড়ী কেন্দ্ৰৰ কাম-কাজৰ বিতংভাৱে পৰ্যালোচনা কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। শ্রীমতী যাদৱে জ...

January 31, 2025 11:00 AM January 31, 2025 11:00 AM

views 3

কৃত্রিম বানপানীৰ বুজ লোৱাৰ উদ্দেশ্যে ডিব্ৰুগড়ত উপস্থিত ফ্ৰান্সৰ বিশেষজ্ঞ দল

কৃত্রিম বানপানীৰ বুজ লোৱাৰ উদ্দেশ্যে ফ্ৰান্সৰ এটা বিশেষজ্ঞ দল কালি ডিব্ৰুগড়ত উপস্থিত হয়। ফ্রান্স চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত এথলেটিক নামৰ সংস্থাটোৰ বিশেষজ্ঞ দলটোৱে ডিব্ৰুগড়ৰ কেইবাটাও স্থানৰ নলাসমূহ পৰিদৰ্শন কৰাৰ লগতে কৃত্রিম বান সমস্যাৰ কাৰকসমূহৰ বুজ লয়। ডিব্ৰুগড়ৰ পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ আৰু কাৰ্যবাহী বিষয়া নভাছ দাসে পৰিদৰ্শনকালত বিশেষজ্ঞ দলটোক সংগ দিয়ে।

December 24, 2024 8:26 PM December 24, 2024 8:26 PM

views 8

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বিভিন্ন দিশ পৰ্যালোচনাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশ আৰু ইয়াৰ বিভিন্ন দিশ সন্দৰ্ভত পর্যালোচনা কৰাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে চিকিৎসালয়খনলৈ অহা ৰোগীৰ সংখ্যা, বিভিন্ন বিভাগৰ বৰ্তমানৰ স্থিতিকে ধৰি অন্যান্য সা-সুবিধাসমূহৰ বুজ লয়। ড০ শৰ্মাই চিকিৎসালয়খনত ৩০০ কোটি টকা ব্যয়ৰে নিৰ্মাণৰ পৰিকল্পনা কৰা নতুন আৱাসিক কলনিৰ সন্দৰ্ভত চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰে। এই ক্ষেত্ৰত যাৱতীয় পদক্ষেপ...

December 24, 2024 8:58 AM December 24, 2024 8:58 AM

views 11

ডিব্ৰুগড় বিমান বন্দৰৰ সম্প্ৰসাৰিত ৰানৱেটো ২০২৫ বৰ্ষত কাৰ্যক্ষম হৈ উঠিব

ডিব্ৰুগড় বিমান বন্দৰৰ সম্প্ৰসাৰিত ৰানৱেটো ২০২৫ বৰ্ষত কাৰ্যক্ষম হৈ উঠিব বুলি বিমান বন্দৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত কালি অনুষ্ঠিত উপদেষ্টা সমিতিৰ এখন বৈঠকত কৰ্তৃপক্ষই এই কথা অৱগত কৰে। বৈঠকত বিমান বন্দৰটোৱে যাতে দেশৰ অন্য আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰবোৰৰ সৈতে ফেৰ মাৰিব পাৰে, তাৰবাবে প্ৰয়োজনীয় সকলো আন্তঃগাঁথনিমূলক ব্যৱস্থা উন্নত কৰাৰ লগতে যাত্ৰীসকলৰ চলাচলৰ সুবিধা অধিক সূচল কৰাৰ দিশত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্...

December 14, 2024 3:23 PM December 14, 2024 3:23 PM

views 10

ডিব্ৰুগড়ৰ নিৰ্মালী গাঁও ৰাজহুৱা খেলপথাৰত ষষ্ঠ ডিব্ৰুগড় গ্রন্থ মহোৎসৱ

ডিব্ৰুগড়ৰ নিৰ্মালী গাঁও ৰাজহুৱা খেলপথাৰত কালিৰেপৰা ষষ্ঠ ডিব্ৰুগড় গ্রন্থ মহোৎসৱ অনুষ্ঠিত হৈছে। অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য্য কান্ত হাজৰিকাই কালি বিয়লি এই গ্ৰন্থ মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। শক্তি আৰু দক্ষতা বিকাশ মন্ত্রী প্রশান্ত ফুকনো উপস্থিত থকা এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট ভাষাবিদ ড০ভীমকান্ত বৰুৱা, যশশ্বী কবি সাহিত্যিক ড০ কৰবী ডেকা হাজৰিকাইও অংশগ্ৰহণ কৰি গ্ৰন্থ আন্দোলনৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। গ্ৰন্থ মহোৎসৱ উপলক্ষে প্রকাশিত স্মৃতি গ্ৰন্থ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ...