June 6, 2025 1:05 PM June 6, 2025 1:05 PM

views 12

ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সকলো হিতাধিকাৰীক তিনি মাহৰ আৱণ্টিত চাউল বিতৰণ প্ৰক্ৰিয়া অব্যাহত

ডিব্ৰুগড় জিলাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো হিতাধিকাৰীৰ মাজত জুন, জুলাই আৰু আগষ্ট মাহৰ আৱণ্টিত চাউল বিতৰণ প্ৰক্ৰিয়া অব্যাহত আছে। ডিব্ৰুগড়ৰ ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে আৱণ্টিত চাউল বিতৰণ নিশ্চত কৰিবলৈ খোৱাং, দুলীয়াজান আৰু নাহৰকটীয়া সম-জিলাৰ সুলভ মূলৰ দোকানসমূহ পৰিদৰ্শন কৰিছে। জিলাখনৰ এহেজাৰ ৫৫২ গৰাকী সুলভ মূল্যৰ দোকানৰ এজেণ্টৰ জৰিয়তে ৫৯ দশমিক ৩-৮ শতাংশ হিতাধিকাৰীৰ মাজত ই-প’'ছ যোগে ইতিমধ্যে চাউল বিতৰণ কৰা হৈছে ।

June 2, 2025 10:19 AM June 2, 2025 10:19 AM

views 21

ডিব্ৰুগড়ৰ ৰহমৰিয়াত ব্ৰহ্মপুত্ৰত ৪ জন লোক সন্ধানহীন

ডিব্ৰুগড়ৰ ৰহমৰিয়াত কালি ব্ৰহ্মপুত্ৰত ৪ জনকৈ লোক সন্ধানহীন হয়। ৰহমৰিয়া লাইনৰ অজয় ওৰাং, ৰঞ্জিত ওৰাং আৰু বৰুতি চুকৰ পিতিকৈ দাস নাম লোককেইজন ব্ৰহ্মপুত্ৰৰ মাজৰ পলভঙা চাপৰিত থকা গৰু খুঁটিলৈ যোৱাৰ সময়ত সন্ধানহীন হয়। লোক কেইজনক উদ্ধাৰৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে ব্ৰহ্মপুত্ৰৰ অভিযান চলায় যদিও এতিয়ালৈ কোনো শুংসূত্ৰ লাভ কৰা নাই। ইপিনে, ডিব্ৰুগড়ৰ অকলেণ্ডৰ ১৭ নম্বৰ লাইনৰ তনুজ মুৰা নামৰ ৭ বছৰীয়া এটি শিশু ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হয়। শিশুটিৰ সন্ধানত এন ডি আৰ এফ আৰু এছ ডি আৰ এফে উদ্ধা...

May 27, 2025 2:24 PM May 27, 2025 2:24 PM

views 8

শিল্পী গায়ত্ৰী হাজৰিকাৰ স্মৃতিত ডিব্ৰুগড়ত শিল্পী সমাজৰ শ্রদ্ধাঞ্জলি

ডিব্ৰুগড়ৰ শিল্পী সমাজে সদ্যপ্রয়াত শিল্পী গায়ত্ৰী হাজৰিকাৰ স্মৃতিত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। ডিব্ৰুগড় সাহিত্য সভা ভৱনত আয়োজিত এই শ্রদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট সংগীতজ্ঞ ৰাজেন গোহাঁই প্ৰমুখ্যে কেইবাগৰাকীও শিল্পী তথা বিশিষ্ট ব্যক্তিয়ে প্রয়াত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সোণোৱাল কছাৰী সাহিত্য সভাইও শিল্পীগৰাকীক মৰণোত্তৰভাৱে সংগীত সৰস্বতী উপাধিৰে বিভূষিত কৰাৰ সিদ্ধান্ত লৈছে। সাহিত্য সভাৰ বৈঠকত সর্বসম্মতিক্রমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

May 27, 2025 12:01 PM May 27, 2025 12:01 PM

views 2

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৱিষ্যত পৰিকল্পনা সম্পর্কে মন্ত্ৰী প্ৰশান্ত ফুকনৰ অধ্যক্ষতাত বৈঠক

● ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু চিকিৎসা মহাবিদ্যালয়খনৰ উন্নয়ন তথা ভৱিষ্যত পৰিকল্পনা সম্পর্কে আলোচনাৰ বাবে কালি মন্ত্ৰী প্ৰশান্ত ফুকনৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে স্বাস্থ্য সেৱা উন্নত কৰাৰ বাবে গ্রহণ কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰাৰ লগতে অসম চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ল'বলগীয়া পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে। বৈঠকত জিলাখনৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, চাবুৱাব বিধায়ক পোনাকন...

May 26, 2025 8:47 PM May 26, 2025 8:47 PM

views 2

ভাৰতীয় সেনাৰ অদম্য সাহস আৰু পৰাক্ৰমৰ প্ৰতি সন্মান জনাই ডিব্ৰুগড়ত তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ

ভাৰতীয় সেনাৰ অদম্য সাহস আৰু পৰাক্ৰমৰ প্ৰতি সন্মান জনাই ডিব্ৰুগড়ত আজি তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সচেতন মহিলা মঞ্চ ডিব্ৰুগড়ৰ সৌজন্যত অনুষ্ঠিত এই কাৰ্যসূচীত অপাৰেচন সিন্দূৰৰ সফলতাৰ বাবে ভাৰতীয় সেনাক শ্রদ্ধা জনোৱা হয়। অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকন, পর্যটন উদ্যোগ নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্রসহ বহুকেইগৰাকী লোক উপস্থিত থাকে।

May 26, 2025 7:01 PM May 26, 2025 7:01 PM

views 8

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জয় বিকাশক ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ কথা অসম সচিবালয়ৰ জাননীত প্ৰকাশ

অসম চৰকাৰে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ ঘোষণা কৰাৰে পৰা প্ৰশাসনিক ক্ষেত্ৰত বিস্তৰ পৰিৱৰ্তন সাধন কৰাৰ লগতে ভালেসংখ্যক প্রশাসনিক বিষয়া নিযুক্তি দিছে। দিছপুৰৰ অসম সচিবালয়ে আজি এখন জাননীৰ জৰিয়তে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জয় বিকাশক ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ কথা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে উত্তৰ শালমাৰাৰ সহকাৰী জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা জয় বিকাশক ডিব্ৰুগড় পৌৰ নিগমৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উপ-সচিবৰো দায়িত্ব দিয়...

May 24, 2025 12:12 PM May 24, 2025 12:12 PM

views 12

শংকৰজ্যোতি বৰুৱাক হাতকেৰেয়া লগাই আদালতত হাজিৰ কৰোৱা বিষয় সন্দৰ্ভত মানৱ অধিকাৰ আয়োগৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

মানৱ অধিকাৰ আয়োগে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে হাতকেৰেয়া লগাই আদালতত হাজিৰ কৰোৱা বিষয়টো সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। ডিব্ৰুগড় জিলা আয়ুক্তক সবিশেষ নথি-পত্রসহ শীঘ্ৰে এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। আনহাতে নির্দেশনাটোত ডিব্ৰুগড় আৰক্ষী অধীক্ষকক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্তৰ শেহতীয়া তথ্য মানৱ অধিকাৰ আয়োগক জমা দিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ দুলিয়াজানৰ এটা তেলডিপোত দুটা পক্...

May 20, 2025 8:21 PM May 20, 2025 8:21 PM

views 3

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী প্ৰশান্ত ফুকনৰ উপস্থিতিত মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠক

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি মহকুমা ভূমি উপদেষ্টা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। ৰাজ্যত শক্তি, দক্ষতা বিকাশ, নিয়োগ, উদ্যমিতা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত ৰাজহুৱা প্ৰতিষ্ঠানৰ আন্তঃগাথনি আৰু তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত চৰকাৰী ভূমি আৱণ্টনৰ বাবে লাভ কৰা প্ৰতিবেদনসমূহ উপস্থাপন কৰা হয়। এই বৈঠকত প্রতিবেদনসমূহ পুংখানুপুংখভাৱে নিৰীক্ষণ তথা বিবেচনা কৰি নীতিগত অনুমোদন জনোৱা হয়। বৈঠকত দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা আৰু জিলা আয়ুক্ত বৈক্ৰম কৈৰী উপস্থিত থাকে...

April 27, 2025 7:15 PM April 27, 2025 7:15 PM

views 26

ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাত প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত বিস্তৰ ক্ষতি

ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত মদাৰখাট মৌজাত অহা প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত বহু ঘৰ, বিদ্যালয়, নামঘৰকে ধৰি বহু সা-সম্পত্তিৰ বিস্তৰ হৈছে। মদাৰখাটৰ হাতখোলা, হাবিচুক, বাঙলিটিং, টিমনা, তামুলবাৰী চাহ বাগিচাত ধুমুহাই ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে প্রকাণ্ড গছ উভালি পৰে। প্ৰচণ্ড ধুমুহাৰ ফলত খুঁটা বাগৰি বিদ্যুৎ সেৱাও ব্যাহত হৈ পৰিছে। তদুপৰি প্রবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত ৰবি শস্যৰ বিস্তৰ ক্ষতি হয়। গাঁওপ্রধানসকলে ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শনৰ অন্তত ৰাজহ চক্ৰ বিষয়া তথা জিলা...

April 7, 2025 6:54 PM April 7, 2025 6:54 PM

views 6

ডিব্ৰুগড়ত উত্তৰ-পূব উদ্যোগী নাৰী সন্থাৰ ৰঙালী ৰং শীৰ্ষক বস্ত্ৰমেলা

উত্তৰ-পূব উদ্যোগী নাৰী সন্থাই ডিব্ৰুগড়ৰ জেউতি মৰল সংঘ খেলপথাৰত আজিৰে পৰা ৫ দিনীয়াকৈ ৰঙালী ৰং শীৰ্ষক এখন বস্ত্ৰমেলাৰ আয়োজন কৰিছে। অসম পৰ্যটন উদ্যোগ নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই আনুষ্ঠানিকভাৱে এই মেলাৰ শুভাৰম্ভ কৰে। উত্তৰ-পূব উদ্যোগী নাৰী সন্থাই মহিলা উদ্যোগীৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী আৰু জনজাতীয় খাদ্য সম্ভাৰৰ মেলাৰ আয়োজনৰ জৰিয়তে বিগত কেইবা বছৰ ধৰি মহিলা সবলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে।