August 19, 2025 1:45 PM August 19, 2025 1:45 PM

views 9

ডায়েৰীয়া নিৰ্মূলৰ বাবে ডিব্ৰুগড় জিলাত সজাগতা সভা

■ ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগ, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ তথা পঞ্চায়তৰ প্ৰতিনিধিসকলৰ যৌথ প্ৰচেষ্টাত ডায়েৰীয়া নিৰ্মূলৰ বাবে ডিব্ৰুগড় জিলা টেঙাখাত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ পুৰণা দিৰীয়াল চাহ বাগিচাৰ সমীপৰ গজালবস্তি, ঝৌপ্পৰ পট্টি আদিত কালি সজাগতা সভা অনুষ্ঠিত হয়। এই সভাৰ জৰিয়তে জনসাধাৰণক ডায়েৰীয়াৰ পৰা ৰক্ষা পাবলৈ গ্ৰহণ কৰিবলগীয়া বিভিন্ন উপায় সন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱা হয়। ইপিনে চাবুৱাৰ দিনজয় চাহ বাগিচাৰ পকালাইনত ডায়েৰীয়া সদৃশ ৰোগত কেইবাজনো লোকৰ মৃত্যু হোৱা ঘটনাৰ পাছত এই অঞ্চলত ...

August 1, 2025 8:38 PM August 1, 2025 8:38 PM

views 13

ডিব্ৰুগড়ৰ গ্রাহাম বজাৰৰ তিনিকোণীয়াত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত ইফটিকাৰ হুছেইন নামৰ এজন সাংবাদিকৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ

ডিব্ৰুগড়ৰ গ্রাহাম বজাৰৰ তিনিকোণীয়াত আজি সংঘটিত ভয়াবহ অগ্নিকাণ্ডৰ ফলত ইফটিকাৰ হুছেইন নামৰ এজন সাংবাদিকৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যায়। বিদ্যুতৰ শ্বট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। অগ্নিনির্বাপক বাহিনীয়ে জুই নির্বাপিত কৰাৰ পূৰ্বে সাংবাদিকগৰাকীৰ সকলো সম্পত্তি জুইত জাহ যায়। অৱশ্যে, অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই। অগ্নিকাণ্ডৰ ঘটনাৰ খবৰ লাভ কৰি অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আৰু ডিব্ৰুগড়ৰ মেয়ৰ সৈকত পাত্রই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

July 30, 2025 8:45 PM July 30, 2025 8:45 PM

views 7

অসম বিশ্ববিদ্যালয়ত মাচুল বৃদ্ধিৰ বিৰুদ্ধে ছাত্র- ছাত্রীসকলৰ প্রতিবাদ সাব্যস্ত

অসম বিশ্ববিদ্যালয়ত স্নাতক, স্নাতকোত্তৰ আৰু সংহত পাঠ্যক্ৰমৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ছাত্র- ছাত্রীসকলে প্রতিবাদ সাব্যস্ত কৰিছে। আজি পুৱাৰে পৰা বিশ্ববিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰত ছাত্র সংগঠন, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিশ্ববিদ্যালয়ৰ শাখাৰ লগতে বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। আন্দোলনৰত ছাত্র-ছাত্রীসকলে কয়, যে বিভিন্ন পাঠ্যক্ৰমত কৰ্তৃপক্ষই এইবছৰ ৫০ শতাংশ মাচুল বৃদ্ধি কৰিছে। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকল অসুবিধাৰ সন্মুখীন হৈছে।  

July 30, 2025 8:43 PM July 30, 2025 8:43 PM

views 14

ডিব্ৰুগড়ত বিশ্ব শিশু সৰবৰাহ বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি সজাগতামূলক কাৰ্যসূচীৰ আয়োজন

অসম গ্ৰামোন্নয়ন কেন্দ্ৰৰ উদ্যোগত আজি ডিব্ৰুগড়ত বিশ্ব শিশু সৰবৰাহ বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি এটা সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয়। ডিব্ৰুগড়ৰ বাণীপুৰ ৰে'লৱে ষ্টেচনত অনুষ্ঠিত কাৰ্যসূচীত ৰেল বিভাগৰ সুৰক্ষা বাহিনী, ৰে'লৱে পৰিসৰত চাহ বিক্রেতা, সহযোগী যান-বাহন পৰিচালক আৰু যাত্ৰীসকলক শিশু সৰবৰাহৰ ভয়াৱহতা সম্পর্কে জানিবলৈ দিয়া হয়। উপস্থিত লোকসকলক শিশু সৰবৰাহ চিনাক্তকৰণ, সৰবৰাহ ৰোধৰ বিভিন্ন উপায় সম্পৰ্কে জানিবলৈ দিয়াৰ লগতে এই সন্দৰ্ভত জৰুৰীকালীনভাৱে যোগাযোগ কৰিব পৰাকৈ ১০৯৮ আৰু ১৮০–১০২-২২২২ ন...

July 11, 2025 7:41 PM July 11, 2025 7:41 PM

views 11

ডিব্ৰুগড় জিলা কৃষি বিভাগৰ মাটি স্বাস্থ্য পৰীক্ষা কেন্দ্ৰত পৰীক্ষা কার্ড বিতৰণ

ডিব্ৰুগড় জিলা কৃষি বিভাগৰ মাটি স্বাস্থ্য পৰীক্ষা কেন্দ্ৰত আজি কৃষকসকলক মাটিৰ স্বাস্থ্য পৰীক্ষা কার্ড বিতৰণ কৰা হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত অনুষ্ঠিত কার্ড বিতৰণী সভাত আয়ুক্তগৰাকীয়ে মাটি পৰীক্ষা, গুণগত নিয়ন্ত্ৰণ আৰু পৰীক্ষাগাৰৰ অধীনত হৈ থকা কাৰ্যসূচী সন্দৰ্ভত আলোকপাত কৰে। তেওঁ লগতে অক্টোপাচ নামৰ মাটি পৰীক্ষা কৰা এটা বেচৰকাৰী পৰীক্ষাগাৰো পৰিদৰ্শন কৰে। অনুষ্ঠানত জিলাখনৰ সহকাৰী আয়ুক্ত, নির্বাচনী বিষয়া, কৃষি বিষয়া আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগতে যথেষ্ট সংখ্যক কৃষক ৰাইজ উপস্থিত ...

June 24, 2025 8:24 PM June 24, 2025 8:24 PM

views 6

টিপামত চাওলুং চুকাফাৰ ৫০ ফুট ওখ প্রতিমুর্তি নির্মাণ কাৰ্য্যৰ অগ্ৰগতিৰ বুজ তৰংগ গগৈৰ

ডিব্ৰুগড় লোকসভা সমষ্টিৰ অধীনৰ টিপামত আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী ঐতিহ্য সংৰক্ষণৰ উদ্দেশ্যে গঢ়ি তোলা ক্ষেত্ৰত নিৰ্মাণ কৰিবলৈ লোৱা বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চুকাফাৰ এটা ৫০ ফুট ওখ প্রতিমুর্তি নির্মাণ কৰিবলৈ লোৱা হৈছে। স্থানীয় বিধায়ক তৰংগ গগৈয়ে আজি এই মুৰ্তিৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। বিধায়কগৰাকীয়ে কয়, যে এই মূৰ্তিৰ নিৰ্মাণকাৰ্য অতি কম সময়ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব আৰু অসমলৈ পৰ্যটকৰ আগমন বৃদ্ধি কৰাত সহায়ক হ'ব।

June 24, 2025 8:17 PM June 24, 2025 8:17 PM

views 5

ডিব্ৰুগড়ত তৃতীয় পৰ্যায়ৰ অৰুনোদয় আঁচনিৰ সফল ৰূপায়ন সন্দৰ্ভত বৈঠক

ডিব্ৰুগড় জিলাত তৃতীয় পৰ্যায়ৰ অৰুনোদয় আঁচনিৰ সফল ৰূপায়ন নিশ্চিত কৰাৰ বাবে ৰাজ্যৰ মন্ত্ৰী প্ৰশান্ত ফুকন আৰু জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উপস্থিতিত আজি জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, এই আঁচনিৰ সফল ৰূপায়ণৰ বাবে প্ৰত্যেক জিলাতে একোখনকৈ জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি গঠন কৰা হৈছে। আজিৰ সভাত ডিব্ৰুগড় জিলাত তৃতীয় পৰ্যায়ৰ হিতাধিকাৰীৰ তালিকা সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰা হয়। ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন মহন আৰু লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক বিনোদ হা...

June 21, 2025 7:12 PM June 21, 2025 7:12 PM

views 12

শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচার্য হিচাপে ড° জিতেন হাজৰিকাৰ দায়িত্বভাৰ গ্ৰহণ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই আজি শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচার্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। এই দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক পংকজ বৰঠাকুৰ, পৰীক্ষা নিয়ন্ত্ৰক ইৰিঞ্জিত হাজৰিকাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিশ্ববিদ্যালয়খনৰ প্ৰথমগৰাকী উপাচাৰ্য ড° জয়প্ৰকাশ বাৰ্মাৰ কাৰ্যকাল শেষ হোৱাত ড° হাজৰিকাক ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব দিয়া হৈছে।

June 10, 2025 1:03 PM June 10, 2025 1:03 PM

views 8

ডিব্ৰুগড় জিলা আয়ুক্তৰ অধ্যক্ষতাত মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনিৰ সভা অনুষ্ঠিত

চাহ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্রমিকৰ লগতে কৰ্মচাৰীসকলক পাঁচ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনিৰ এখন সভা কালি ডিব্ৰুগড় জিলা আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত আয়ুক্ত বিক্ৰম কৈৰীয়ে জিলাখনৰ চাহ বাগিচাসমূহৰ কৰ্তৃপক্ষক নিজৰ নিজৰ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্রমিকৰ লগতে কৰ্মচাৰীসকলৰ আধাৰ কাৰ্ডৰ প্ৰতিলিপি, বেংক একাউণ্টৰ সবিশেষ জমা দিবলৈ আহ্বান জনায়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্...

June 7, 2025 10:25 AM June 7, 2025 10:25 AM

views 16

ডিব্ৰুগড় জিলা কৃষি বিভাগৰ কিষাণোদয় এপ আৰু ৱেবছাইট মুকলি

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত কালি ডিব্ৰুগড় জিলা কৃষি বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত কিষাণোদয় এপ আৰু ৱেবছাইট আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলা প্ৰশাসনে প্রস্তুত কৰা কিষাণোদয় এপ আৰু ৱেবছাইটৰ জৰিয়তে কৃষকসকলে বিভিন্ন তথ্য লাভ কৰাৰ সুবিধা হ'ব। কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ অধীনত বিতৰণ কৰা বিভিন্ন বীজ, কৃষি সম্বন্ধিয় সা- সঁজুলিৰ সঠিক ব্যৱহাৰ, লাভালাভ আদিৰ তথ্য এই ৱেবচাইটত উপলব্ধ হ'ব। এই বৈঠকতে ডিব্ৰুগড় জিলা কৃষি বিভাগৰ পি এম-কিষা...