September 4, 2025 11:22 AM

views 15

শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ বিভিন্ন নীতি নিৰ্ধাৰণৰ বাবে শক্তিশালী সমিতি গঠনৰ উদ্দেশ্যে বৈঠক

● ডিব্ৰুগড় জিলাৰ চাবুৱাৰ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ অধ্যাপক নিযুক্তিকে ধৰি অন্যান্য বিভিন্ন নীতি নিৰ্ধাৰণৰ বাবে এখন শক্তিশালী সমিতি গঠন কৰাৰ উদ্দেশ্যে কালি এখন বৈঠক অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ জীতেন হাজৰিকাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্ৰদীপ বৰুৱা, বিশ্ববিদ্যালয়খনৰ অধীনৰ মহাবিদ্যালয়সমূহৰ পৰিদৰ্শক, ড০ ৰূপম শ‍ইকীয়া, অর্থনীতি বিভাগৰ অধ্যাপক, ড০ অমৰজ্যোতি মহন্ত, অধ্যাপক যোগীশ্বৰ গোস্বামী, পৰীক্ষা নিয়ন্ত্ৰক ড০ অৰিজিত হাজৰিকা সদস্য আৰু পঞ্জীয...

September 3, 2025 7:17 PM

views 19

চাবুৱাৰ কস্তুৰবা গান্ধী বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্রী অচিন ৰোগত আক্রান্ত

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ কস্তুৰবা গান্ধী বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্রী অচিন ৰোগত আক্রান্ত হৈছে। বিদ্যালয়খনৰ প্ৰায় ৬০ গৰাকী চাবুৱাৰ মডেল হাস্পতালত চিকিৎসাধীন হৈ আছে। বিগত দুদিনৰ ভিতৰত কেইবাগৰাকীও ছাত্ৰীৰ দেহত জ্বৰ, গাৰ বিষ আৰু বমিৰ লক্ষণে দেখা দিছিল। ছাত্ৰীসকলৰ ৰোগৰ কাৰণ বিচাৰি বিদ্যালয়ত খাদ্য পৰিদৰ্শক আৰু চিকিৎসকৰ দল উপস্থিত হৈছে। স্বাস্থ্য বিভাগক এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ বিদ্যালয় কর্তৃপক্ষই আহ্বান জনাইছে।

September 2, 2025 7:06 PM

views 20

ডিব্ৰুগড়ত কিশোৰ-কিশোৰীসকলৰ মানসিক স্বাস্থ্য সম্পৰ্কত সজাগতা সভা অনুষ্ঠিত

ডিব্ৰুগড় জিলা প্ৰশাসনৰ মহিলা সবলীকৰণ কেন্দ্ৰই অসম চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত নাহৰতলী চাহ বাগিছা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কিশোৰ-কিশোৰীসকলৰ মানসিক স্বাস্থ্য সম্পৰ্কত এখন সজাগতা সভা অনুষ্ঠিত কৰে। সভাখনত অসম চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ চিকিৎসক ডাঃ প্ৰয়াসী কাশ্যপ আৰু গৱেষক কিৰণ ৰাজকুমাৰী সমল ব্যক্তি হিচাপে উপস্থিত থাকে। কিশোৰ-কিশোৰীসকলৰ মানসিক স্বাস্থ্যৰ বিকাশ আৰু এই ক্ষেত্ৰত ল'ব লগা সাৱধানতাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ ভূমিকা সন্দৰ্ভত সমল ব...

September 1, 2025 11:31 AM

views 31

ডিব্ৰুগড়ত ৩ টা প্ৰকল্প উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

■ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত তিনিটা প্ৰকল্প উদ্বোধন কৰিব। শ্ৰী সোণোৱালে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ড০ যোগীৰাজ বসু বিজ্ঞান আৰু প্রযুক্তি বিদ্যা ভৱন উদ্বোধন কৰিব। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰৰ সাংসদ পুঁজিৰে নিৰ্মাণ কৰা এটা শৰীৰ চৰ্চা কেন্দ্ৰ আৰু খোৱাপানী প্ৰকল্প উদ্বোধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি ডিব্ৰুগড়ত পি এম স্বনিধি আঁচনি শীৰ্ষক এটা অনুষ্ঠানত অংশ লৈ কয়, যে এই আঁচনিৰ মূল লক্ষ্য হৈছে পদপথৰ ব্যৱসায়ীসকলক সকাহ দি...

August 19, 2025 1:45 PM

views 25

ডায়েৰীয়া নিৰ্মূলৰ বাবে ডিব্ৰুগড় জিলাত সজাগতা সভা

■ ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগ, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ তথা পঞ্চায়তৰ প্ৰতিনিধিসকলৰ যৌথ প্ৰচেষ্টাত ডায়েৰীয়া নিৰ্মূলৰ বাবে ডিব্ৰুগড় জিলা টেঙাখাত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ পুৰণা দিৰীয়াল চাহ বাগিচাৰ সমীপৰ গজালবস্তি, ঝৌপ্পৰ পট্টি আদিত কালি সজাগতা সভা অনুষ্ঠিত হয়। এই সভাৰ জৰিয়তে জনসাধাৰণক ডায়েৰীয়াৰ পৰা ৰক্ষা পাবলৈ গ্ৰহণ কৰিবলগীয়া বিভিন্ন উপায় সন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱা হয়। ইপিনে চাবুৱাৰ দিনজয় চাহ বাগিচাৰ পকালাইনত ডায়েৰীয়া সদৃশ ৰোগত কেইবাজনো লোকৰ মৃত্যু হোৱা ঘটনাৰ পাছত এই অঞ্চলত ...

August 1, 2025 8:38 PM

views 22

ডিব্ৰুগড়ৰ গ্রাহাম বজাৰৰ তিনিকোণীয়াত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত ইফটিকাৰ হুছেইন নামৰ এজন সাংবাদিকৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ

ডিব্ৰুগড়ৰ গ্রাহাম বজাৰৰ তিনিকোণীয়াত আজি সংঘটিত ভয়াবহ অগ্নিকাণ্ডৰ ফলত ইফটিকাৰ হুছেইন নামৰ এজন সাংবাদিকৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যায়। বিদ্যুতৰ শ্বট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। অগ্নিনির্বাপক বাহিনীয়ে জুই নির্বাপিত কৰাৰ পূৰ্বে সাংবাদিকগৰাকীৰ সকলো সম্পত্তি জুইত জাহ যায়। অৱশ্যে, অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই। অগ্নিকাণ্ডৰ ঘটনাৰ খবৰ লাভ কৰি অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আৰু ডিব্ৰুগড়ৰ মেয়ৰ সৈকত পাত্রই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

July 30, 2025 8:45 PM

views 18

অসম বিশ্ববিদ্যালয়ত মাচুল বৃদ্ধিৰ বিৰুদ্ধে ছাত্র- ছাত্রীসকলৰ প্রতিবাদ সাব্যস্ত

অসম বিশ্ববিদ্যালয়ত স্নাতক, স্নাতকোত্তৰ আৰু সংহত পাঠ্যক্ৰমৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ছাত্র- ছাত্রীসকলে প্রতিবাদ সাব্যস্ত কৰিছে। আজি পুৱাৰে পৰা বিশ্ববিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰত ছাত্র সংগঠন, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিশ্ববিদ্যালয়ৰ শাখাৰ লগতে বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। আন্দোলনৰত ছাত্র-ছাত্রীসকলে কয়, যে বিভিন্ন পাঠ্যক্ৰমত কৰ্তৃপক্ষই এইবছৰ ৫০ শতাংশ মাচুল বৃদ্ধি কৰিছে। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকল অসুবিধাৰ সন্মুখীন হৈছে।  

July 30, 2025 8:43 PM

views 24

ডিব্ৰুগড়ত বিশ্ব শিশু সৰবৰাহ বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি সজাগতামূলক কাৰ্যসূচীৰ আয়োজন

অসম গ্ৰামোন্নয়ন কেন্দ্ৰৰ উদ্যোগত আজি ডিব্ৰুগড়ত বিশ্ব শিশু সৰবৰাহ বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি এটা সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয়। ডিব্ৰুগড়ৰ বাণীপুৰ ৰে'লৱে ষ্টেচনত অনুষ্ঠিত কাৰ্যসূচীত ৰেল বিভাগৰ সুৰক্ষা বাহিনী, ৰে'লৱে পৰিসৰত চাহ বিক্রেতা, সহযোগী যান-বাহন পৰিচালক আৰু যাত্ৰীসকলক শিশু সৰবৰাহৰ ভয়াৱহতা সম্পর্কে জানিবলৈ দিয়া হয়। উপস্থিত লোকসকলক শিশু সৰবৰাহ চিনাক্তকৰণ, সৰবৰাহ ৰোধৰ বিভিন্ন উপায় সম্পৰ্কে জানিবলৈ দিয়াৰ লগতে এই সন্দৰ্ভত জৰুৰীকালীনভাৱে যোগাযোগ কৰিব পৰাকৈ ১০৯৮ আৰু ১৮০–১০২-২২২২ ন...

July 11, 2025 7:41 PM

views 24

ডিব্ৰুগড় জিলা কৃষি বিভাগৰ মাটি স্বাস্থ্য পৰীক্ষা কেন্দ্ৰত পৰীক্ষা কার্ড বিতৰণ

ডিব্ৰুগড় জিলা কৃষি বিভাগৰ মাটি স্বাস্থ্য পৰীক্ষা কেন্দ্ৰত আজি কৃষকসকলক মাটিৰ স্বাস্থ্য পৰীক্ষা কার্ড বিতৰণ কৰা হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত অনুষ্ঠিত কার্ড বিতৰণী সভাত আয়ুক্তগৰাকীয়ে মাটি পৰীক্ষা, গুণগত নিয়ন্ত্ৰণ আৰু পৰীক্ষাগাৰৰ অধীনত হৈ থকা কাৰ্যসূচী সন্দৰ্ভত আলোকপাত কৰে। তেওঁ লগতে অক্টোপাচ নামৰ মাটি পৰীক্ষা কৰা এটা বেচৰকাৰী পৰীক্ষাগাৰো পৰিদৰ্শন কৰে। অনুষ্ঠানত জিলাখনৰ সহকাৰী আয়ুক্ত, নির্বাচনী বিষয়া, কৃষি বিষয়া আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগতে যথেষ্ট সংখ্যক কৃষক ৰাইজ উপস্থিত ...

June 24, 2025 8:24 PM

views 17

টিপামত চাওলুং চুকাফাৰ ৫০ ফুট ওখ প্রতিমুর্তি নির্মাণ কাৰ্য্যৰ অগ্ৰগতিৰ বুজ তৰংগ গগৈৰ

ডিব্ৰুগড় লোকসভা সমষ্টিৰ অধীনৰ টিপামত আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী ঐতিহ্য সংৰক্ষণৰ উদ্দেশ্যে গঢ়ি তোলা ক্ষেত্ৰত নিৰ্মাণ কৰিবলৈ লোৱা বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চুকাফাৰ এটা ৫০ ফুট ওখ প্রতিমুর্তি নির্মাণ কৰিবলৈ লোৱা হৈছে। স্থানীয় বিধায়ক তৰংগ গগৈয়ে আজি এই মুৰ্তিৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। বিধায়কগৰাকীয়ে কয়, যে এই মূৰ্তিৰ নিৰ্মাণকাৰ্য অতি কম সময়ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব আৰু অসমলৈ পৰ্যটকৰ আগমন বৃদ্ধি কৰাত সহায়ক হ'ব।