October 17, 2025 12:28 PM October 17, 2025 12:28 PM

views 14

ডিব্ৰুগড়স্থিত কানৈ মহাবিদ্যালয়ত অত্যাধুনিক গৱেষণাৰ পৰামৰ্শ শীর্ষক দুদিনীয়া শিক্ষক প্রশিক্ষণ কাৰ্যসূচী

● ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত কালি ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান তথা প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ পৃষ্ঠপোষকতাত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মালব্য মিছন শিক্ষক প্রশিক্ষণ কেন্দ্ৰৰ সহযোগত এন ই পি ২০২০ৰ আওতাত অত্যাধুনিক গৱেষণাৰ পৰামৰ্শ শীর্ষক দুদিনীয়া শিক্ষক প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্রদীপ কুমাৰ বৰুৱাই এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

October 14, 2025 11:38 AM October 14, 2025 11:38 AM

views 36

জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত আদিবাসী চাহ জনগোষ্ঠীৰ প্ৰতিবাদ

ডিব্ৰুগড়ত কালি আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । জিলাখনৰ ১৭৭ খন চাহ বাগিচাৰ শ্ৰমিকে চৌকিদিঙি চাৰিআলিত সমবেত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইপিনে, কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত কালি সদৌ অসম কোচ ৰাজবংশী ছাত্রসন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে জিলাখনত দুঘণ্টাজোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

October 10, 2025 1:23 PM October 10, 2025 1:23 PM

views 25

দুদিনীয়াকৈ ডিব্ৰুগড়ত বিজেপিৰ বর্ধিত ৰাজ্যিক কার্য নির্বাহক সভা অনুষ্ঠিত

■ ডিব্ৰুগড়ৰ অসম আৰক্ষী চাউনীৰ সমীপৰ বহুমুখী উপযোগিতা ভৱনত কালিৰে পৰা দুদিনীয়াকৈ বিজেপিৰ বর্ধিত ৰাজ্যিক কার্য নির্বাহক সভা অনুষ্ঠিত হৈছে। সভাত কালি সমাগত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নির্বাচন সন্দৰ্ভত আলোচনা কৰা হয়। সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা আৰু ৰাজ্যিক প্ৰভাৰী হৰিষ দ্বিবেদীয়ে দলৰ সাংগঠনিক আৰু ৰাজনৈতিক কাৰ্যসূচী...

October 8, 2025 6:57 PM October 8, 2025 6:57 PM

views 39

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে। নগৰখনৰ ফুলবাগানৰ সমীপৰ সুৰক্ষা বান্ধৰ নিচেই কাষতে হোৱা খহনীয়াত কালি এটা যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে কছাৰীঘাটৰ বহু অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। এই খহনীয়াৰ ফলত শতাধিক জিঅ' বেগো উটি যোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। এই খহনীয়াই নগৰখনৰ জগাৰ্ছ পার্ককে ধৰি নদীকাষৰীয়া ভালেমান অনুষ্ঠান-প্ৰতিষ্ঠানলৈ ভাবুকি কঢ়িয়াই অনাত জনসাধাৰণ আতংকিত হৈ পৰিছে। আজি জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই খহনীয়াৰ স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। কালি নিশা...

October 7, 2025 12:37 PM October 7, 2025 12:37 PM

views 23

ডিব্ৰুগড়ৰ নাৰ্চি অধ্যায়ৰ সহযোগত পৰা ৪১ সংখ্যক দ্বিবার্ষিক সন্মিলন

● অসম ৰাজ্যিক টি এন এ আইৰ উদ্যোগত আৰু ডিব্ৰুগড়ৰ নাৰ্চি অধ্যায়ৰ সহযোগত কালিৰে পৰা ৪১ সংখ্যক দ্বিবার্ষিক সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনৰ কালি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত সাংবাদিক নিতুমণি শ‍ইকীয়াই অংশগ্ৰহণ কৰে। সন্মিলনত নাৰ্চসকলৰ স্বাৰ্থৰ পোষকতা কৰাৰ ওপৰত আলোচনা কৰা হয়। এই সন্মিলনত ৰাজ্যৰ ভিন্ন প্ৰান্তত শক্ষিা গ্ৰহণ কৰি থকা হাজাৰৰো অধিক পঞ্জীয়নভুক্ত পেচাদাৰী নাৰ্চৰ প্ৰতিনিধি উপস্থিত থাকে।

September 9, 2025 7:28 PM September 9, 2025 7:28 PM

views 13

সাংসদ খেল মহোৎসৱ ২০২৫ৰ প্ৰস্তুতিমূলক সভা অনুষ্ঠিত

ডিব্ৰুগড় জিলা ক্রীড়া বিষয়া কাৰ্যালয় আৰু ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত সাংসদ খেল মহোৎসৱ ২০২৫ৰ প্ৰস্তুতিমূলক সভা আজি শ্ৰী শ্ৰী আউনীআটি শাখা সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অহা ২১ ছেপ্তেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈকে সমগ্ৰ দেশতে এই মহোৎসৱ অনুষ্ঠিত হ'ব। আজিৰ সভাত জিলা ক্রীড়া বিষয়া চেমি শ‍ইকীয়াই এই সন্দৰ্ভত সকলোকে অৱগত কৰে। দেশৰ গাঁৱে-ভূঞে তৃণমূল পৰ্যায়ত ক্রীড়া প্রতিভাক চিনাক্ত কৰি বিকশিত কৰা, পৰম্পৰাগত আৰু থলুৱা খেলসমূহৰ প্ৰচাৰ কৰাৰ লগতে অঞ্চলভিত্তিক চিনাক্ত কৰি খেলসমূহ সংৰক্ষিত কৰাৰ উদ...

September 4, 2025 11:22 AM September 4, 2025 11:22 AM

views 2

শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ বিভিন্ন নীতি নিৰ্ধাৰণৰ বাবে শক্তিশালী সমিতি গঠনৰ উদ্দেশ্যে বৈঠক

● ডিব্ৰুগড় জিলাৰ চাবুৱাৰ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ অধ্যাপক নিযুক্তিকে ধৰি অন্যান্য বিভিন্ন নীতি নিৰ্ধাৰণৰ বাবে এখন শক্তিশালী সমিতি গঠন কৰাৰ উদ্দেশ্যে কালি এখন বৈঠক অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ জীতেন হাজৰিকাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্ৰদীপ বৰুৱা, বিশ্ববিদ্যালয়খনৰ অধীনৰ মহাবিদ্যালয়সমূহৰ পৰিদৰ্শক, ড০ ৰূপম শ‍ইকীয়া, অর্থনীতি বিভাগৰ অধ্যাপক, ড০ অমৰজ্যোতি মহন্ত, অধ্যাপক যোগীশ্বৰ গোস্বামী, পৰীক্ষা নিয়ন্ত্ৰক ড০ অৰিজিত হাজৰিকা সদস্য আৰু পঞ্জীয...

September 3, 2025 7:17 PM September 3, 2025 7:17 PM

views 9

চাবুৱাৰ কস্তুৰবা গান্ধী বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্রী অচিন ৰোগত আক্রান্ত

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ কস্তুৰবা গান্ধী বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্রী অচিন ৰোগত আক্রান্ত হৈছে। বিদ্যালয়খনৰ প্ৰায় ৬০ গৰাকী চাবুৱাৰ মডেল হাস্পতালত চিকিৎসাধীন হৈ আছে। বিগত দুদিনৰ ভিতৰত কেইবাগৰাকীও ছাত্ৰীৰ দেহত জ্বৰ, গাৰ বিষ আৰু বমিৰ লক্ষণে দেখা দিছিল। ছাত্ৰীসকলৰ ৰোগৰ কাৰণ বিচাৰি বিদ্যালয়ত খাদ্য পৰিদৰ্শক আৰু চিকিৎসকৰ দল উপস্থিত হৈছে। স্বাস্থ্য বিভাগক এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ বিদ্যালয় কর্তৃপক্ষই আহ্বান জনাইছে।

September 2, 2025 7:06 PM September 2, 2025 7:06 PM

views 3

ডিব্ৰুগড়ত কিশোৰ-কিশোৰীসকলৰ মানসিক স্বাস্থ্য সম্পৰ্কত সজাগতা সভা অনুষ্ঠিত

ডিব্ৰুগড় জিলা প্ৰশাসনৰ মহিলা সবলীকৰণ কেন্দ্ৰই অসম চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত নাহৰতলী চাহ বাগিছা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কিশোৰ-কিশোৰীসকলৰ মানসিক স্বাস্থ্য সম্পৰ্কত এখন সজাগতা সভা অনুষ্ঠিত কৰে। সভাখনত অসম চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ চিকিৎসক ডাঃ প্ৰয়াসী কাশ্যপ আৰু গৱেষক কিৰণ ৰাজকুমাৰী সমল ব্যক্তি হিচাপে উপস্থিত থাকে। কিশোৰ-কিশোৰীসকলৰ মানসিক স্বাস্থ্যৰ বিকাশ আৰু এই ক্ষেত্ৰত ল'ব লগা সাৱধানতাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ ভূমিকা সন্দৰ্ভত সমল ব...

September 1, 2025 11:31 AM September 1, 2025 11:31 AM

views 14

ডিব্ৰুগড়ত ৩ টা প্ৰকল্প উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

■ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত তিনিটা প্ৰকল্প উদ্বোধন কৰিব। শ্ৰী সোণোৱালে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ড০ যোগীৰাজ বসু বিজ্ঞান আৰু প্রযুক্তি বিদ্যা ভৱন উদ্বোধন কৰিব। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰৰ সাংসদ পুঁজিৰে নিৰ্মাণ কৰা এটা শৰীৰ চৰ্চা কেন্দ্ৰ আৰু খোৱাপানী প্ৰকল্প উদ্বোধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি ডিব্ৰুগড়ত পি এম স্বনিধি আঁচনি শীৰ্ষক এটা অনুষ্ঠানত অংশ লৈ কয়, যে এই আঁচনিৰ মূল লক্ষ্য হৈছে পদপথৰ ব্যৱসায়ীসকলক সকাহ দি...