August 27, 2024 10:51 AM

views 21

ডিব্ৰুগড়ত ২৯ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ ৫২সংখ্যক ৰাজ্যিক আন্তঃজিলা ভাৰোত্তোলন প্রতিযোগিতা

অসম ভাৰোত্তোলন সন্থাৰ তত্ত্বাৱধানত ডিব্ৰুগড়ত ২৯ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ ৫২সংখ্যক ৰাজ্যিক আন্তঃজিলা ভাৰোত্তোলন প্রতিযোগিতা অনুষ্ঠিত হ'ব। ১৭ বছৰ অনূৰ্ধ্বৰ যুৱ, ২০ বছৰ জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ পুৰুষ আৰু মহিলাৰ উভয়ৰ বাবে মুকলি থাকিব। উল্লেখযোগ্য যে এই প্রতিযোগিতাৰ পৰাই ৬ৰ পৰা ১৩ অক্টোবৰলৈ হিমাচল প্ৰদেশত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপৰ বাবে অসম দলটো নিৰ্বাচন কৰা হ'ব।

August 26, 2024 8:49 PM

views 16