April 10, 2025 11:57 AM April 10, 2025 11:57 AM

views 4

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ১২ৰ পৰা ২১ এপ্ৰিললৈ ঘোষিত বন্ধৰ দিনকেইটাত সকলো শিক্ষক-কর্মচাৰীক বিশ্ববিদ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ

ডিব্ৰুগড় বিশ্ববিদ্যালয় কর্তৃপক্ষই ১২ৰ পৰা ২১ এপ্ৰিললৈ ইতিপূর্বে ঘোষণা কৰা বন্ধৰ দিনকেইটাত সকলো শিক্ষক-কর্মচাৰীক বিশ্ববিদ্যালয়ত উপস্থিত থাকিবলৈ আন এটা নিৰ্দেশ জাৰি কৰিছে। সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই নির্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে বিশ্ববিদ্যালয় কর্তৃপক্ষই ব'হাগ বিহু, গুড ফ্রাইডে আৰু সতী সাধনী দিৱস উপলক্ষে ১২ৰ পৰা ২১ এপ্ৰিললৈ বন্ধ ঘোষণা কৰিছিল।