February 4, 2025 1:00 PM February 4, 2025 1:00 PM

views 4

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কাইলৈৰ পৰা চাৰিদিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কাইলৈৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয়বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ কলা-সংস্কৃতি আৰু সাহিত্য বিষয়ক স্বেচ্ছাসেৱী অনুষ্ঠান ফ'কেলৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়খনৰ সহযোগত আয়োজিত এই মহোৎসৱত আফ্ৰিকাক কেন্দ্ৰীয় বিষয় হিচাপে লোৱা হৈছে। ভাৰতৰ লগতে বিশ্বৰ ২৫ খন দেশৰ লেখক-সাহিত্যিকে এই মহোৎসৱত অংশ ল'ব। ইটালী, ইংলেণ্ড, পর্তুগাল, ইউক্রেইন, স্পেইনকে ধৰি দেশসমূহৰ লগতে ভাৰতৰ ভালেসংখ্যক খ্যাতনামা সাহিত্যিকে অনুষ্ঠানত ভাগ ল'ব। অসমৰ অনুৰাধা শৰ্...