July 21, 2025 12:16 PM

views 17

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক চ’ৰাৰ উদ্যোগত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম দিৱস উপলক্ষে বক্তৃতানুষ্ঠান

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক চ'ৰাৰ উদ্যোগত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম দিৱস উপলক্ষে কালি এখন বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। কৃষ্ণকান্ত সন্দিকৈৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ হোৱা অনুষ্ঠানটোত গৱেষক মাধুৰীমা শ‍ইকীয়াই কৃষ্ণকান্ত সন্দিকৈ দেৱৰ ৰচিত এটি গীত পৰিৱেশন কৰে। বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক জয়ন্ত কুমাৰ বৰাই ঊনবিংশ শতিকাৰ ভাৰতৰ নৱজাগৰণ আৰু জ্ঞানৰ সাধনা বিষয়ত তথ্য সমৃদ্ধ আৰু তত্ত্বগধূৰ এটা বক্তৃতা প্ৰদান কৰে ।