December 4, 2024 12:18 PM

views 12

ডিব্ৰুগড় টাউন ৰে’ল ষ্টেচনটো উঠাই দিয়াৰ পৰিকল্পনা সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষৰ বৈঠক

অসমৰ প্ৰাচীনতম ৰে'ল ষ্টেচন – ডিব্ৰুগড় টাউন ৰে'ল ষ্টেচনটো উঠাই দিয়াৰ পৰিকল্পনা সন্দৰ্ভত কালি উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই ডিব্ৰুগড়ত এখন বৈঠকৰ আয়োজন কৰে। ডিব্ৰুগড় জিলা প্ৰশাসন, ডিব্ৰুগড় পৌৰ নিগম আৰু ডিব্ৰুগড়ৰ কেইবাগৰাকীও নেতৃস্থানীয় লোকে অংশগ্ৰহণ কৰা এই বৈঠকত ৰে'ল কৰ্তৃপক্ষই ডিব্ৰুগড়ৰ বাণীপুৰত থকা ডিব্ৰুগড় ষ্টেচনটোৱে বৰ্তমান ইয়াৰ সামৰ্থ্যতকৈ বহু বেছি ৰে'লগাড়ীৰ বোজা বহন কৰিব লগা হৈছে বুলি প্ৰকাশ কৰে। ডিব্ৰুগড়ৰ কেইবাগৰাকীও নেতৃস্থানীয় ব্যক্তিয়ে ডিব্ৰুগড় ৰে'ল ষ্টেচনৰ বোজা কমোৱাৰ ...