August 21, 2024 8:42 PM

views 17

শিক্ষাৰ্থীৰ বিদ্যালয়ৰ বেগৰ ওজন হ্রাস কৰিবলৈ ডিব্ৰুগড়ৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানলৈ নিৰ্দেশনা

ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত থকা বোজা লাঘৱ কৰিবলৈ ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্রাথমিক শিক্ষা বিষয়াই জিলাখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এখন জাননীৰ জৰিয়তে প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে শিক্ষাৰ্থীৰ বিদ্যালয়ৰ বেগৰ ওজন হ্রাস কৰিবলৈ নিৰ্দেশ দিছে। নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে কেৱল অত্যাৱশ্যকীয় সামগ্ৰীহে বিদ্যালয়লৈ নিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ লগতে শিক্ষণৰ অনুকূল পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে...