October 9, 2024 7:07 PM

views 43

যথাবিহিত ৰীতি-নীতিৰে আৰম্ভ শাৰদীয় দুর্গোৎসৱ

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ যথাবিহিত ৰীতি-নীতিৰে আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহ ভিন ভিন বিষয় লৈ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। ইপিনে, ইতিহাস প্রসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা চলি আছে। ৰাজ্যপাল লক্ষণ প্রসাদ আচাৰ্যই শাৰদীয় দুর্গা পূজা উপলক্ষে অসমৰ জনসাধাৰণক আন্তৰিক...

September 28, 2024 7:25 PM

views 20

ডিব্ৰুগড় পৌৰ নিগমৰ ৫ খন মিনি ছুপাৰ চাকাৰ মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বচ্ছতাই সেৱা কাৰ্যসূচী চলি থকাৰ সময়তে আজি ডিব্ৰুগড় চহৰৰ নলা-নৰ্দমা চাফা কৰি ৰাখিবৰ বাবে ডিব্ৰুগড় পৌৰ নিগমৰ পাঁচখন মিনি ছুপাৰ চাকাৰ মুকলি কৰে। তিনিটাকৈ ডাম্পটেংক সংযোগ হৈ থকা প্ৰতিখন ছুপাৰ চাকাৰে চহৰখনত সৰু সৰু উপ-পথসমূহ সংলগ্ন নলা-নর্দমাসমূহো পৰিষ্কাৰ কৰিবলৈ সমৰ্থ হ'ব। এই কাৰ্যসূচীত সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন আৰু ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ তথা উপ-মেয়ৰকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে, স্বচ্ছতাই সেৱা-২০২৪ৰ অংশ হিচাপে আজ...

September 21, 2024 7:13 PM

views 36

ডিব্ৰুগড়ত স্বচ্ছতাই সেৱা কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

স্বচ্ছতাই সেৱা কাৰ্যসূচীৰ অংশ হিচাপে আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ তেওঁ কয় যে, এখন সুস্থ সৱল সমাজ গঢ়ি তোলাৰ বাবে সকলোকে স্বচ্ছতাক দৈনন্দিন জীৱনৰ অংগ হিচাপে আঁকোৱালি ল'ব লাগিব। মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় অসামৰিক চিকিৎসালয়ত স্বচ্ছতাৰ বাবে জনঅংশীদাৰ কাৰ্যসূচীত অংশ লৈ পৰিৱেশ স্বচ্ছ আৰু নিকাকৈ ৰখাৰ বাবে প্ৰতিগৰাকী নাগৰিকক দায়বদ্ধ আৰু সংকল্পবদ্ধ হ'বলৈ আহ্বান জনাই তেওঁ চিকিৎসালয়খনত স্বচ্ছতা অভিযানত প্ৰত্যক্ষভাৱে অংশ লয়। মন্ত...