August 29, 2024 8:57 PM

views 24

ৰাজ্য চৰকাৰক ডিব্ৰুগড়ৰ প্ৰগতিশীল কৃষক জয়দীপ মালিমিহিৰৰ ২০০ কুইণ্টল ধান বিক্ৰী

ডিব্ৰুগড় জিলাৰ মৰাণ কৃষি চক্ৰৰ পথালি গাঁও পঞ্চায়তৰ ১ নম্বৰ হলৌগুৰি গাঁৱৰ প্ৰগতিশীল কৃষক জয়দীপ মালিমিহিৰে চৰকাৰক প্ৰায় ২০০ কুইণ্টল ধান বিক্ৰী কৰিবলৈ সমৰ্থ হৈছে। প্ৰায় ৫০ বিঘা ভূমিত জিলা কৃষি বিভাগৰ পৰা বিতৰণ কৰা ধানৰ বীজেৰে খেতি কৰি কৃষকগৰাকীয়ে এই সফলতা লাভ কৰে ৷ ধানখেতিৰ উপৰি তেওঁ প্ৰায় ৫ বিঘা ভূমি অন্যান্য শাক-পাচলিৰ খেতি কৰিও লাভৱান্বিত হৈছে। তদুপৰি কেঁচুসাৰ উৎপাদন আৰু প্ৰয়োগ কৰাৰ লগতে কুকুৰা পালন কৰিও কৃষকগৰাকী স্বাৱলম্বী হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে ৷