May 17, 2025 8:43 PM

views 17

ডিব্ৰুগড়ৰ চৌকিদিঙি খেলপথাৰত সকলো ধৰণৰ অনুষ্ঠান, মেলা, সমাৱেশ নিষিদ্ধ

ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থকা চৌকিদিঙি খেলপথাৰত চলি থকা উন্নীতকৰণৰ কাম তথা ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্ত্তী তিনি মাহলৈ খেলপথাৰখনত সকলো ধৰণৰ অনুষ্ঠান, মেলা আদিৰ উপৰি যিকোনো ৰাজহুৱা বা ব্যক্তিগত সমাবেশ নিষিদ্ধ কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়াপর্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব বুলি জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাত প্ৰকাশ কৰা হৈছে।