August 11, 2025 7:26 PM

views 14

ডিব্ৰুগড়ৰ লাহোৱালৰ জ্যেষ্ঠ সাংবাদিক কনৌজ শইকীয়ালৈ শিক্ষাবিদ অশোক বৰগোঁহাই সোঁৱৰণী সাংবাদিকতা বঁটা

ডিব্ৰুগড় জিলাৰ লাহোৱালৰ জ্যেষ্ঠ সাংবাদিক কনৌজ শ‍ইকীয়ালৈ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে শিক্ষাবিদ অশোক বৰগোঁহাই সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছে। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেইবাখনো আগশাৰীৰ দৈনিক বাতৰিকাকতত সাংবাদিক হিচাপে কাম কৰা কনৌজ শ‍ইকীয়াই কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। অহা ১৪ আগষ্টত প্ৰেছ ক্লাবৰ একবিংশ প্রতিষ্ঠা দিৱসৰ অনুষ্ঠানত তেওঁৰ এই বঁটা প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে।