May 31, 2025 12:20 PM May 31, 2025 12:20 PM

views 7

ডিব্ৰুগড় জিলাত বাৰিষাৰ সময়ত হ’ব পৰা ক্ষয়-ক্ষতি প্ৰশাসনক অৱগত কৰাৰ বাবে হেল্পলাইন নম্বৰ মুকলি

ডিব্ৰুগড় জিলা প্রশাসনে বাৰিষাৰ সময়ছোৱাত মথাউৰিত হ'ব পৰা যিকোনোধৰণৰ ক্ষয়-ক্ষতি যেনে মথাউৰি ছিগা তথা ফাটমেলা, মথাউৰিৰ ওপৰেৰে পানী বাগৰা ইত্যাদি সম্বন্ধীয় যিকোনো খবৰ তাৎক্ষণিকভাৱে প্ৰশাসনক অৱগত কৰিবলৈ জিলা জৰুৰীকালীন নিয়ন্ত্রণ কক্ষৰ হেল্পলাইন নম্বৰ ৰাইজৰ বাবে মুকলি কৰিছে। জনসাধাৰণে ৯৪৩৫-৩৫৮৩৭১ ম'বাইল নম্বৰ বা ০৩৭৩-২৩১২৯৪০ আৰু ০৩৭৩-২৪৫০১০০ লেণ্ডলাইন নম্বৰত লগতে টোল ফ্ৰী নম্বৰ ১০৭৭-ত যোগাযোগ কৰি তেনেধৰণৰ ক্ষয়-ক্ষতিৰ বিষয়ে ডিব্ৰুগড় জিলা প্রশাসন তথা সংশ্লিষ্ট বিভাগক অৱগত কৰিব পাৰিব বুলি জিলা প্...