October 28, 2025 11:16 AM

views 51

ডিব্ৰুগড়ৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা দিৱস পালন

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত কালি ডিব্ৰুগড়ৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। যোৱা দুই অক্টোবৰত জিলা প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছিল যদিও কালি এই দিৱস বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনোৱাৰ লগতে জিলা প্ৰশাসনৰ আটাইবোৰ বিষয়া-কৰ্মচাৰীয়ে শিল্পীগৰাকীৰ মায়াবিনী গীতটো পৰিৱেশন কৰে। বিশিষ্ট অতিথি পেইম থি গোহাঁয়ে ডিব্ৰুগড় জিলাৰ ইতিহাস সন্দৰ্ভত আলোকপাত কৰে। জিল আয়ুক্ত বিক্ৰম কৈৰীয়ে জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ...

June 22, 2025 12:06 PM

views 19

ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ সভাপতিত্বত জিলা ভূমি উপদেষ্টা সমিতি আৰু সমজিলা ভূমি উপদেষ্টা সমিতিৰ বৈঠক

ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত জিলা ভূমি উপদেষ্টা সমিতি আৰু সমজিলা ভূমি উপদেষ্টা সমিতিৰ এখন বৈঠক কালি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ অধীনত বিভিন্ন ধর্মীয় অনুষ্ঠান-প্রতিষ্ঠান, চৰকাৰী কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ তথা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত চৰকাৰী ভূমি আৱণ্টনৰ বাবে লাভ কৰা ৪৩৬ খন প্রতিবেদন পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি যোগ্য বিবেচিত প্রতিবেদনসমূহ অনুমোদন জনোৱা হয়৷ বৈঠকত ৰাজ্যসভাৰ সাংসদ ৰ...

June 7, 2025 10:29 AM

views 29

ডিব্ৰুগড় জিলাত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি-নগৰীয়াৰ জিলা স্তৰৰ পৰ্যৱেক্ষণ সমিতিৰ বৈঠক

ডিব্ৰুগড় জিলাত জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি-নগৰীয়াৰ জিলা স্তৰৰ পৰ্যৱেক্ষণ সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম চৰকাৰৰ শক্তি, দক্ষতা বিকাশ, নিয়োগ, উদ্যমিতা, স্বাস্থ্য-শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী প্রশান্ত ফুকন, দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালা, ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী উপস্থিতি থাকে। এই বৈঠকত ডিব্ৰুগড় জিলাত আত্মসহায়ক গোটৰ মহিলা সদস্য সমূহৰ পৰা লাভ কৰা আবেদনসমূহৰ পৰীক্ষণৰ পাছত চূড়ান্ত বুলি বিবেচিত হোৱা আবেদনসমূহ জিলা স্তৰৰ প...

June 1, 2025 9:04 PM

views 28

ডিব্ৰুগড়ৰ ৰহমৰিয়াত ব্ৰহ্মপুত্ৰৰ পানীত ৪ জনকৈ লোক সন্ধানহীন

ডিব্ৰুগড়ৰ ৰহমৰিয়াত আজি ব্ৰহ্মপুত্ৰৰ পানীত ৪ জনকৈ লোক সন্ধানহীন হৈ পৰিছে। ৰহমৰিয়া লাইনৰ অজয় ওৰাং, ৰঞ্জিত ওৰাং আৰু বৰুতি চুকৰ পিতিকৈ দাস নাম লোককেইজন ব্ৰহ্মপুত্ৰৰ মাজৰ পলভঙা চাপৰিত থকা গৰু খুঁটিলৈ যোৱাৰ সময়ত সন্ধানহীন হয়। লোক কেইজনক উদ্ধাৰৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে ব্ৰহ্মপুত্ৰৰ অভিযান চলাইছে যদিও বাতৰি যুগুত কৰাৰ পৰলৈকে কোনো শুংসূত্ৰ লাভ কৰা নাই। ইপিনে, ডিব্ৰুগড়ৰ অকলেণ্ডৰ ১৭ নম্বৰ লাইনৰ তনুজ মুৰা নামৰ ৭ বছৰীয়া এটি শিশু ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈছে। শিশুটোৰ অনুসন্ধানটো এন ...

August 19, 2024 9:20 PM

views 19

মটক স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ দাবী, ওজৰ-আপত্তি থাকিলে সংশ্লিষ্ট পক্ষ সমূহে অহা ২৭ আগষ্টৰ ভিতৰত দাখিল কৰিব পাৰিব

মটক স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিযুক্ত ডেজিগনেটেড কর্তৃপক্ষ তথা ডিব্ৰুগড়ৰ জিলা আয়ুক্তই নিৰ্ধাৰিত সময়সচী অনুসৰি স্বায়ত্তশাসিত পৰিষদত অন্তর্ভুক্ত হ'বলগীয়া গাঁৱৰ প্ৰথমখন খচৰা প্ৰকাশ কৰিছে। সেই অনুসৰি লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহ চক্ৰৰ সোণাৰি ৰাজহ গাঁও, চিচাপথাৰ ৰাজহ গাঁও, ঢকুৱাখনা ৰাজহ চক্ৰৰ বাঁহপাৰা চাপৰি ৰাজহ গাঁও আৰু বাঁহপাৰা চুম্পাৰা কচুগাঁও প্ৰথমখন খচৰাত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰকাশিত জাননী অনুসৰি এই সম্পৰ্কত কিবা দাবী, ওজৰ-আপত্তি থাকিলে সংশ্লিষ্ট পক্ষ সমূহে অহা ২৭ ...

August 19, 2024 8:26 PM

views 17

ডিব্ৰুগড়ত উপস্থিত থাইলেণ্ডৰ ৰাষ্ট্রদূত পাট্টাৰত হংটং

থাইলেণ্ডৰ ৰাষ্ট্রদূত পাট্টাৰত হংটং আজি ডিব্ৰুগড়ত উপস্থিত হয়। ৰাষ্ট্রদূতগৰাকীয়ে বাণিজ্যিক তথা পৰ্যটনৰ ক্ষেত্ৰত ভাৰতৰ সৈতে সম্পৰ্ক উন্নীত কৰাৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে এই দুয়োটা ক্ষেত্ৰতে ডিব্ৰুগড় জিলাত থকা ব্যাপক সম্ভাৱনা সম্পৰ্কত আলোচনা কৰিবলৈ জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। জিলাখনৰ আয়ুক্ত বিক্ৰম কৈৰীয়ে ৰাষ্ট্ৰদূতগৰাকীক আদৰণি জনায়। তদুপৰি আজিৰ বৈঠকত ডিব্ৰুগড়ৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মুখ্য প্ৰৱন্ধক মর্গেন মেষ্টন, পর্যটন উন্নয়ন বিষয়া মানৱ দাস আৰু ...

August 11, 2024 7:29 PM

views 15

ডিব্ৰুগড়ৰ চৌকিদিঙিত প্রয়াত সাংবাদিক নীলিম চৌধুৰী ত্ৰয়োদশ বাৰ্ষিক সোঁৱৰণী সভা

ডিব্ৰুগড়ৰ চৌকিদিঙিত আজি প্রয়াত সাংবাদিক নীলিম চৌধুৰী ত্ৰয়োদশ বাৰ্ষিক সোঁৱৰণী সভা আৰু বঁটা বিতৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। সভাত অৰুণাচল প্ৰদেশৰ প্ৰাক্তন  শিক্ষামন্ত্ৰী বছিৰাম ছিৰাম মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শ্রী ছিৰামে অসম আৰু অৰুণাচলৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত বক্তব্য প্ৰদান কৰি দুয়োখন ৰাজ্যৰ মাজৰ সাহিত্য আৰ সাংস্কৃতিক আদান প্ৰদানৰ জৰিয়তেহে দুয়োখন ৰাজ্যৰ আন্তসম্পর্ক বৰ্তি থাকিব বুলি মন্তব্য কৰে। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতিয়ে সভাপতিত্ব কৰা সভাখনত জিলা আয়ুক্ত আৰু পৌৰ নিগমৰ মেয়ৰৰ লগত...