December 23, 2024 8:16 PM

views 15

ডিব্ৰুগড়ত বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীৰ মাজত নগদ ধন-সাহায্য বিতৰণ

ডিব্ৰুগড় মানকটা খেলপথাৰত আজি চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত নগদ ধন আৰু সাহায্য বিতৰণ কৰা হয়। অনুষ্ঠানত প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত দুহেজাৰ ৫৯৩ গৰাকী শিক্ষাৰ্থীক স্কুটী প্ৰদান কৰাৰ লগতে আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা এহেজাৰ ২৫৫ গৰাকী ছাত্র-ছাত্রীক নগদ ধন প্রদান কৰা হয়। সেইদৰে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ১০ হাজাৰ ২৭০ গৰাকী ছাত্র-ছাত্রীক চাইকেল প্রদান কাৰ্যসূচী আৰম্ভ...