May 18, 2025 12:22 PM

views 14

ডিব্ৰুগড়ৰ চৌকিদিঙি খেলপথাৰ ক্রীড়া আন্তঃগাঁথনি নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা বা ব্যক্তিগত সমাবেশ নিষিদ্ধ কৰা হৈছে

ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থকা চৌকিদিঙি খেলপথাৰত চলি থকা উন্নীতকৰণৰ কাম তথা ক্রীড়া আন্তঃগাঁথনি নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্ত্তী তিনি মাহলৈ খেলপথাৰখনত সকলো ধৰণৰ অনুষ্ঠান, মেলা আদিৰ উপৰি যিকোনো ৰাজহুৱা বা ব্যক্তিগত সমাবেশ নিষিদ্ধ কৰা হৈছে। পৰৱৰ্ত্তী নির্দেশ নিদিয়া পর্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব বুলি জিলা প্রশাসনে জাবি কৰা নিৰ্দেশনাত প্ৰকাশ কৰা হৈছে।