June 15, 2024 9:23 PM June 15, 2024 9:23 PM
11
ডিব্ৰুগড়ৰ জয়পুৰ চাহ বাগিচাত কলেৰাত আক্ৰান্ত ১০জন, স্বাস্থ্য বিভাগক মুখ্যমন্ত্ৰীৰ জৰুৰী নিৰ্দেশ
ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জয়পুৰ চাহ বাগিচাত ডায়েৰিয়াত আক্রান্ত ৩৫জন শ্রমিকৰ ভিতৰত ১০জন কলেৰাত আক্ৰান্ত হোৱা বুলি চিকিৎসকে নিশ্চিত কৰাৰ পাছত মুখমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই স্বাস্থ্য বিভাগক জৰুৰী নিৰ্দেশ দিছে। ইফালে অঞ্চলটোত ডায়েৰিয়াত আক্ৰান্তৰ সংখ্যা ৮০ লৈ বৃদ্ধি পাইছে। আক্রান্তসকলক জয়পুৰ চাহ বাগিচা চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। উল্লেখযোগ্য যে, ওড়িশা ভ্ৰমণ কৰি অহা অঞ্চলটোৰ এজন লোক ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ পাছত লোকজনৰ ঘৰত সকামৰ খাদ্য খোৱাৰ পাছতে ৭৫জন শ্রমিক ডায়ে...