October 27, 2025 11:52 AM
118
অহা ১২-২২ ডিচেম্বৰলৈ ডিব্ৰুগড় গ্ৰন্থমেলা, প্ৰাইজমানী কুইজ প্রতিযোগিতাৰ আয়োজন
ডিব্ৰুগড় মিলনজ্যোতি সংঘৰ সৌজন্যত অহা ১২ৰ পৰা ২২ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া চতুর্দশ ডিব্ৰুগড় গ্ৰন্থমেলাত হৰিশ চন্দ্ৰ বাগ্চি সোঁৱৰণী প্ৰাইজমানী কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড়ৰ প্ৰথমগৰাকী অধিবক্তা তথা ইংৰাজী বিষয়ৰ শিক্ষক হৰিশ চন্দ্ৰ বাগ্চিৰ সোঁৱৰণত অনুষ্ঠিত হ'বলগীয়া কুইজ প্রতিযোগিতাখনৰ বাবে বয়সৰ কোনো সীমা নিৰ্ধাৰণ কৰা হোৱা নাই। সকলোৱে এই প্রতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিব। প্রতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হিচাপে ৫ হাজাৰ টকা দ্বিতীয় পুৰস্কাৰ হিচাপে তিনি হাজাৰ টকা আৰু তৃতীয় পুৰস্...