April 10, 2025 11:41 AM

views 12

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ‘পৰিৱেশ্য কলাৰ দৃষ্টিৰে বিহু : ঐতিহ্য আৰু ক্ৰমবিকাশ’ শীৰ্ষক আলোচনা-চক্ৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়নকেন্দ্ৰ আৰু বিহু সুৰক্ষা সমিতি অসমৰ যৌথ উদ্যোগত বিশ্ববিদ্যালয়খনৰ হীৰক জয়ন্তী উপলক্ষে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰৰ কালি অন্তিম দিনা বিভিন্ন বিষয়ৰ গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৌদ্ধিক আলোচনা অনুষ্ঠিত হয়। পৰিৱেশ্য কলাৰ দৃষ্টিৰে বিহু : ঐতিহ্য আৰু ক্ৰমবিকাশ শীৰ্ষক মূল আলোচনা চক্ৰত অংশগ্রহণ কৰি সাংস্কৃতিক মন্ত্রী বিমল বৰাই অসমৰ জাতীয় জীৱনৰ সৈতে জড়িত বিহুৱে বিশ্ববাসীৰ আগত অসমৰ চহকী সাংস্কৃতিক বৈশিষ্টক পৰিচয় কৰাই দিয...