January 31, 2025 11:00 AM

views 14

কৃত্রিম বানপানীৰ বুজ লোৱাৰ উদ্দেশ্যে ডিব্ৰুগড়ত উপস্থিত ফ্ৰান্সৰ বিশেষজ্ঞ দল

কৃত্রিম বানপানীৰ বুজ লোৱাৰ উদ্দেশ্যে ফ্ৰান্সৰ এটা বিশেষজ্ঞ দল কালি ডিব্ৰুগড়ত উপস্থিত হয়। ফ্রান্স চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত এথলেটিক নামৰ সংস্থাটোৰ বিশেষজ্ঞ দলটোৱে ডিব্ৰুগড়ৰ কেইবাটাও স্থানৰ নলাসমূহ পৰিদৰ্শন কৰাৰ লগতে কৃত্রিম বান সমস্যাৰ কাৰকসমূহৰ বুজ লয়। ডিব্ৰুগড়ৰ পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ আৰু কাৰ্যবাহী বিষয়া নভাছ দাসে পৰিদৰ্শনকালত বিশেষজ্ঞ দলটোক সংগ দিয়ে।

June 30, 2024 12:12 PM

views 25

ডিব্ৰুগড় পৌৰ নিগমৰ ২২ টা ৱাৰ্ডত কৃত্রিম বানত শোচনীয় পৰিস্থিতি

ডিব্ৰুগড় চহৰত কৃত্রিম বানৰ পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে। ডিব্ৰুগড় পৌৰ নিগমৰ ২২ টা ৱাৰ্ডতে কৃত্রিম বানে শোচনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। চহৰখনৰ মূল ৰাজপথকে ধৰি বিস্তীর্ণ অঞ্চল জলমগ্ন হৈছে। বিগত তিনি দিন ধৰি ডিব্ৰুগড় চহৰবাসী জলবন্দী হৈ আছে। ইফালে চহৰৰ মাজমজিয়াত অৱস্থিত আৰক্ষী চাউনীত কৃত্রিম বানে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। চাউনীৰ দুই শতাধিক বাসগৃহ বানত বুৰ যোৱাৰ বাবে বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়া হৈছে। বহু পৰিয়ালে আবাস গৃহ এৰি ভাড়া ঘৰত আশ্ৰয় লৈছে। খোৱা পানীৰ অভাৱত পৰা আবাসিসকলে...