January 21, 2026 12:34 PM

views 14

ডিব্ৰুগড়ত আজিৰেপৰা তিনিদিনীয়াকৈ চতুর্থ বার্ষিক ধনেখনা নাট উৎসৱ, ২০২৬ অনুষ্ঠিত

 ডিব্ৰুগড় জিলাৰ ধেমেচি মাজুমেলীয়াৰ ধনেখনাৰ পাৰৰ ৰাণীমুখ চোমণিত আজিৰেপৰা তিনিদিনীয়াকৈ চতুর্থ বার্ষিক ধনেখনা নাট উৎসৱ, ২০২৬ অনুষ্ঠিত হ'ব। ধনেখনা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অঞ্চলটোৰ পাঁচটা যুৱ সংগঠনে ৰাইজৰ সহযোগত আয়োজন কৰা এই নাট উৎসৱত ৰাজ্যখনৰ আগশাৰীৰ কেইবাটাও নাট্যগোষ্ঠীয়ে নাট প্রদর্শন কৰিব। আজি পুৱা পতাকা উত্তোলন, স্মৃতি তর্পণ আৰু বন্তি প্রজ্বলনৰ পাছতে যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জ্যোতিপ্রসাদ শইকীয়াই নাট উৎসৱ উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানত মন্ত্রী বিমল বৰা, বিধায়ক চক্ৰধৰ গ...

January 12, 2026 12:48 PM

views 12

ডিব্ৰুগড় জিলা দুলীয়াজান সাহিত্য সভাই সদৌ অসম ভিত্তিত আয়োজন কৰা প্ৰৱন্ধ প্রতিযোগিতাৰ ফলাফল ঘোষণা

ডিব্ৰুগড় জিলা দুলীয়াজান সাহিত্য সভাই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে সদৌ অসম ভিত্তিত আয়োজন কৰা প্ৰৱন্ধ প্রতিযোগিতাৰ ফলাফল ঘোষণা কৰিছে। প্রতিযোগিতাৰ ক শাখাত ড° ভূপেন হাজৰিকাৰ গীতত উত্তৰ-পূৰ্বাঞ্চলৰ সমাজ শীর্ষক বিষয়ত কোকৰাঝাৰ বাণিজ্য মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী নিয়ৰ নিৰিবিলি বৰাই প্রথম স্থান লাভকৰিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ স্নাতক চতুর্থ ষান্মাধিকৰ ছাত্ৰ প্রিতম কুমাৰ শৰ্মাই দ্বিতীয় আৰু নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰ দেৱকান্ত বৰ...

January 10, 2026 7:15 PM

views 20

৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া পথ দুর্ঘটনাত ৩ জন লোক গুৰুতৰভাৱে আহত

ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া পথ দুর্ঘটনাত ৩ জন লোক গুৰুতৰভাৱে আহত হৈছে। ইয়াৰে এজন লোকক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হয়। বর্তমানলৈকে দুর্ঘটনাত পতিত লোকসকলৰ পৰিচয় জানিব পৰা হোৱা নাই। প্রত্যক্ষ দর্শীয়ে জনোৱা অনুসৰি দুখন মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত লোক ৩ জন আহত হয়।

December 29, 2025 12:03 PM

views 15

ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ ৩২সংখ্যক বাৰ্ষিক সাধাৰণ সভা

● ৱান নেশ্যন, ৱান পে'ৰ লিখিত আবেদনৰ ভিত্তিত বেতন প্রদান কৰিলে ভাৰতৰ আন আন ৰাজ্যৰ লগতে অসমৰো সকলো ন্যায়িক কৰ্মচাৰীয়ে একেটা নিৰিখতে বেতন লাভ কৰিব আৰু অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব। ডিব্ৰুগড় জিলাৰ ন্যায়িক কৰ্মচাৰী সন্থাৰ উদ্যোগত অনুষ্ঠিত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ ৩২সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অখিল ভাৰত ন্যায়িক কৰ্মচাৰী সংঘৰ সম্পাদক আৰু উত্তৰ পূব ন্যায়িক কৰ্মচাৰী মহাসংঘৰ সভাপতি তথা সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনন্ত প্রসাদে এইদৰে উল্লেখ কৰে। ডিব্ৰুগড়ৰ ইণ্ডিয়া ...

December 11, 2025 12:19 PM

views 16

প্রতিৰক্ষা মন্ত্রালয়ৰ উদ্যোগত ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা ঘাটিত বিজয় দিৱস পালন

প্রতিৰক্ষা মন্ত্রালয়ৰ উদ্যোগত ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা ঘাটিত কালি আয়োজিত বিজয় দিৱসৰ কার্যসূচীত বায়ু সেনা বাহিনীৰ মুৰববী এয়াৰ ছীফ মার্হেল অমৰপ্রীত সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত বায়ু সেনা বাহিনীৰ মুৰববীগৰাকীয়ে এই আয়োজনক অত্যন্ত গুৰুত্বপূর্ণ বুলি অভিহিত কৰি কয়, যে এই দিৱসে ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধত ভাৰতীয় সেনা-জোৱানসকলৰ পৰাক্ৰম আৰু ত্যাগৰ প্রতি দেশবাসীয়ে জনোৱা শ্রদ্ধাক প্রতিফলিত কৰে। তেওঁ কয়, যে অপাৰেছন সিন্দুৰ এতিয়াও অব্যাহত আছে আৰু ভাৰতীয় বায়ু সেনা বাহিনী যিকোনো বহিঃ...

December 10, 2025 9:06 PM

views 16

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্যোগত ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা ঘাটিত বিজয় দিৱস পালন

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্যোগত আজি ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা ঘাটিত বিজয় দিৱস পালন কৰা হৈছে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এয়াৰ শ্ব প্ৰদৰ্শন কৰা হয়। এয়াৰ শ্বত ছুখয়, এন্তনভ, এন -32 পৰিবহন বিমান, চিনুক, হেভিলীড হেলিকপ্তাৰ আৰু মীগ ১৭ হেলিকপ্তাৰে উৰণ কৌশল প্ৰদৰ্শন কৰে। অনুষ্ঠানত বায়ু সেনা বাহিনীৰ মুৰববী এয়াৰ ছীফ মাৰ্ছেল অমৰপ্ৰীত সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত বায়ু সেনা বাহিনীৰ মুৰববীগৰাকীয়ে কয় যে অপাছেন সিন্দূৰ এতিয়াও অব্যাহত আছে আৰু ভাৰতীয় বায়ু সেনা বাহিনী যিকোনো বহিঃ শ...

December 3, 2025 12:07 PM

views 26

আলফা স্বাধীনৰ ২ সদস্যৰ ডিব্ৰুগড়ত অস্ত্ৰ সম্বৰণ

■ উগ্রপন্থী সংগঠন আলফা স্বাধীনৰ দুজন সদস্যই কালি ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ অধীক্ষক অভিজিত গৌৰৱ দিলীপৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰে। আলফা সদস্য দুজন অস্তিত্ব অসম আৰু বন অসম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে বৰ্তমান দুয়োকে জেৰা কৰি আছে।

November 22, 2025 8:24 PM

views 29

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকসকলৰ নিযুক্তিৰ স্থান সম্পূৰ্ণ চৰকাৰী নীতি নির্দেশনা অনুসৰি চূড়ান্ত কৰা হ’ব বুলি ড০ সমীৰণ বৰাৰ প্ৰকাশ

ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰাই সদ্যনিযুক্তিপ্রাপ্ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকসকলৰ নিযুক্তিৰ স্থান সম্পূৰ্ণ চৰকাৰী নীতি নির্দেশনা অনুসৰি চূড়ান্ত কৰা হ'ব বুলি এখন জাননীযোগে প্রকাশ কৰিছে। এই ক্ষেত্ৰত যদি প্রার্থীগৰাকীক কোনো অসাধু ব্যক্তিয়ে অনানুষ্ঠানিকভাবে যোগাযোগ কৰে তেন্তে সেই ব্যক্তিজনৰ বিষয়ে মুখ্যমন্ত্রী বিশেষ তদাৰকী গোট, ঊর্ধতন কর্তৃপক্ষ বা বিদ্যালয়সমূহৰ পৰিদৰ্শকক তাৎক্ষণিকভাবে অৱগত কৰিবলৈ এই জাননীযোগে আহ্বান জনোৱা হৈছে।

November 17, 2025 5:30 PM

views 31

ডিব্ৰুগড়ত বিভিন্ন ৰোগত চিকিৎসাধীন ৰোগীসকলক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ মন্ত্ৰী প্ৰশান্ত ফুকনৰ

ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড়ত আজি বিভিন্ন ৰোগত চিকিৎসাধীন ৰোগীসকলক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ কৰে। ডিব্ৰুগড় সমষ্টিৰ মুঠ ২৯ গৰাকী ৰোগীক এই চেক প্ৰদান কৰা হয়। এই চেকৰ ধনে ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সকাহ প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

November 11, 2025 7:37 PM

views 31

ডিব্ৰুগড় জিলাৰ ১১টা স্থানক আফ্রিকান ছোৱাইন ফিভাৰ মহামাৰীৰ কেন্দ্ৰ হিচাপে চিনাক্ত

ৰাজ্যৰ বিভিন্ন জিলাত আফ্রিকান ছোৱাইন ফিভাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। এই ৰোগ নিৰ্মূলকৰণৰ বাবে প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ডিব্ৰুগড় জিলাৰ ১১টা স্থানক মহামাৰী কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে। জিলাখনত ইতিমধ্যে এই ৰোগত আক্ৰান্ত হোৱা শতাধিক গাহৰি বিভাগীয় কৰ্তৃপক্ষই নিধন কৰাৰ লগতে আক্ৰান্ত অঞ্চলসমূহত গাহৰি মাংসৰ বিক্ৰীৰ সম্পূৰ্ণভাৱে নিষিদ্ধ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এটা প্রতিনিধি দলে এই ৰোগত প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তিনিজন উচ্চ পদস্থ বিষয়াক প্ৰে...