May 26, 2025 7:09 PM May 26, 2025 7:09 PM
10
শিল্পী গায়ত্রী হাজৰিকাক মৰণোত্তৰভাৱে সংগীত সৰস্বতী উপাধিৰে বিভূষিত কৰাৰ সিদ্ধান্ত সোণোৱাল কছাৰী সাহিত্য সভাৰ
সোণোৱাল কছাৰী সাহিত্য সভাই শিল্পী গায়ত্রী হাজৰিকাক মৰণোত্তৰভাৱে সংগীত সৰস্বতী উপাধিৰে বিভূষিত কৰাৰ সিদ্ধান্ত লৈছে। সভাৰ বৈঠকত সৰ্বসম্মতিক্রমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাৰ ২০২৫-২০২৭ বৰ্ষৰ নৱনিৰ্বাচিত পূৰ্ণাংগ সমিতিখনে কালি ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে। এই অনুসৰি মোহন সোণোৱালক সভাপতি আৰু মৃদুল সোণোৱালক সম্পাদক হিচাপে লৈ গঠিত সমিতিখনে সভাৰ প্ৰতিষ্ঠাপক সভাপতি গুণেশ্বৰ সোণোৱালৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত শপত গ্ৰহণ কৰে। এই সভাত সোণোৱাল কছাৰীৰ স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবা...