March 5, 2025 12:08 PM March 5, 2025 12:08 PM
5
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বন ঘৰচীয়া ঘোঁৰাৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়ক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ তদন্ত আৰম্ভ
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বন ঘৰচীয়া ঘোঁৰাৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়টোক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। এই সন্দৰ্ভত সেউজ ন্যায়াধীকৰণে ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ কৰি ৪ সপ্তাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে চোৰাং চিকাৰীৰ উপৰি খহনীয়াই ৰাষ্ট্ৰীয় উদ্যানখনৰ বন ঘৰচীয়া ঘোঁৰাকে ধৰি অন্যান্য জীৱকূলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা সৰবৰাহ কৰা কেইবাটাও বন ঘৰচীয়া ঘোঁৰা বন বিভাগে উদ...