December 29, 2024 6:52 PM
23
গোলাঘাট জিলাৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন
গোলাঘাট জিলাৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে হীৰক জয়ন্তী উদযাপন কৰা হয়। হীৰক জয়ন্তীৰ অন্তিম দিনৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত আজি মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে। শিক্ষানুষ্ঠানখনে পূৰ্বৰ গৰিমা অক্ষুণ্ণ ৰাখি অনাগত দিনতো শৈক্ষিক বিপ্লৱ সৃষ্টিৰে অঞ্চলটোলৈ সমৃদ্ধি কঢ়িয়াই আনিব বুলি তেওঁ আশা প্রকাশ কৰে। বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে।