December 6, 2024 9:02 PM

views 11

শিখ গুৰু টেগবাহাদুৰৰ ৩৬৮সংখ্যক ছহিদী উপলক্ষে ধুবুৰীত নগৰ সংকীৰ্তন

শিখ গুৰু টেগবাহাদুৰৰ ৩৬৮সংখ্যক ছহিদী উপলক্ষে ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰু টেগ বাহাদুৰ চাহিবজী গুৰুদ্বাৰৰ পৰা আজি ধুবুৰী নগৰৰ মাজেৰে এটা নগৰ সংকীর্তন উলিওৱা হয়। সম্পূর্ণ ধর্মীয় পৰম্পৰাৰে এখন পুষ্পসজ্জিত বাহনেৰে শিখসকলৰ পৱিত্ৰ ধৰ্মগ্রন্থ গুৰুগ্ৰন্থ চাহিব লৈ উলিওৱা এই শোভাযাত্রা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাহাজাৰো শিখ লোকে অংশগ্ৰহণ কৰে। ছহিদী উপলক্ষে গুৰুদ্বাৰত আয়োজিত ৩ দিনীয়া কাৰ্যসূচীৰ আজি দ্বিতীয় দিনাও ধুবুৰী নগৰত উখল-মাখল পৰিস্থিতিৰ সৃষ্টি হয়।