October 24, 2024 8:50 PM

views 12

মিছন বসুন্ধৰা ৰূপায়ণ সন্দৰ্ভত ধুবুৰী জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত সজাগতা সভা

মিছন বসুন্ধৰা তৃতীয় পৰ্যায় ৰূপায়ণ সন্দৰ্ভত আজি ধুবুৰী জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্তই কয় যে, সজাগতাৰ অভাৱৰ বাবেই বহু খিলঞ্জীয়া লোক এই আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈছে। জিলা প্ৰশাসনে তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰা ৰূপায়ণৰ বাবে সমজিলাসমূহকে ধৰি বিভিন্ন পৰ্যায়ত আবেদন গ্ৰহণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে, সম্প্ৰতি এই আঁচনিৰ অধীনস্থ সেৱাসমূহ সেৱা সেতু প'ৰ্টেলত উপলব্ধ হৈছে। দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত আবেদন বাতিল হোৱা নাইবা ওজৰ-আপত্ত...