November 27, 2024 7:20 PM

views 13

ধুবুৰীৰ বিলাসীপাৰাৰ সমীপৰ ৰাণীগঞ্জ বজাৰত অজ্ঞাত লোকৰ গুলীচালনা, ৩জন আহত

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ সমীপৰ ৰাণীগঞ্জ বজাৰত যোৱা নিশা এটা বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত কোনো অজ্ঞাত লোকে গুলীচালনা কৰে। এখন মটৰচাইকেলত অহা তিনিজন যুৱকে এটা বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰলৈ লক্ষ্য কৰি চলোৱা গুলীচালনাত গ্ৰাহক কেন্দ্ৰটোৰ স্বত্বাধিকাৰী আবেদুৰ ৰহমানৰ লগতে আন দুজন লোকো আহত হয়। তিনিজন লোক বর্তমান কোকৰাঝাৰত চিকিৎ‍সাধীন হৈ আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোটেই নিশা অভিযান চলাই দুজন যুৱকক কৰায়ত্ত কৰি সোধা-পোছা কৰিছে বুলি জানিব পৰা গৈছে। ধৃত যুৱক দুজনৰ পৰা এটা পিষ্টলৰ মেগ্‌জিন উদ্ধাৰ হৈছে। আৰক্ষী...