December 15, 2024 8:22 PM

views 12

কৰ্মকাৰ জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণীত তালিকা ভুক্ত কৰাৰ দাবীত ধুবুৰী জিলাৰ গোলকগঞ্জত  ৰাজহুৱা সভা

কৰ্মকাৰ জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্তৰ দাবীত আজি ধুবুৰী জিলাৰ গোলকগঞ্জৰ প্ৰধানী খেলপথাৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। অসম অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বোৰ্ডৰ সভাপতি অমৰ গগৈ, ৰাজ্যিক কোষাধ্যক্ষ জিতু ডেকা, অ' বি চি ডেভেলপমেণ্ট বোৰ্ডৰ ধুবুৰী জিলা সভাপতি বিক্ৰম ৰায়ৰ লগতে অ' বি চি ডেভেলপমেণ্ট বোৰ্ডৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকীও নেতা-কর্মী এই সভাত উপস্থিত থাকে।