October 8, 2025 12:18 PM

views 23

ধুবুৰীৰ গৌৰীপুৰৰ বালাজানত ৰে’লৰ খুন্দাত যুৱকৰ মৃত্যু

ধুবুৰী জিলাৰ গৌৰীপুৰৰ বালাজান অঞ্চলত কালি নিশা ৰে'লৰ খুন্দাত এজন যুৱকৰ মৃত্যু হয়। নিশা প্ৰায় ১০ বজাত পশ্চিমবংগৰ পৰা গৌৰীপুৰ অভিমুখে আহি থকা মালবাহী ৰে'লৰ খুন্দাত মধুশৌলমাৰী প্ৰথম খণ্ড অঞ্চলৰ বাসিন্দা আজগৰ আলীৰ পুত্ৰ আজিজুৰ ৰহমানৰ মৃত্যু হয়। পথচাৰীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পাছত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।