December 18, 2025 6:43 PM

views 14

ধুবুৰীত আজি ভাৰতীয় নৃকূল গ্রন্থাগাৰ সংস্থাৰ অষ্টম প্রতিষ্ঠা দিৱস পালন

২০১৮ চনৰ ১৮ ডিচেম্বৰত মধুপুৰ সত্ৰত প্ৰতিষ্ঠা লাভ কৰা ভাৰতীয় নৃকূল গ্রন্থাগাৰ সংস্থাৰ অষ্টম প্রতিষ্ঠা দিৱস আজি ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ বাৰ্ষি গাঁৱৰ নামঘৰত পালন কৰা হয়। সাঁচীপাত, তুলাপাত, তালপাত আদি লিখিত পুথি নাইবা তথ্য আদি সুসংৰক্ষণৰ লক্ষ্যৰে নূকূল গ্রন্থাগাৰ সংস্থাই নামঘৰ, সত্ৰ, শিক্ষানুষ্ঠান আদিত এনে সম্পদৰাজিৰ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। সংস্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি নামঘৰ প্ৰাংগনত সাঁচী গছৰ পুলি ৰোপণ কৰা হয়।

December 16, 2025 7:45 PM

views 20

ধুবুৰীত সুৰক্ষিত শৈশৱ সোণালী অসম শীর্ষক ৯০ দিনীয়া শিশু সুৰক্ষা অভিযানৰ উদ্বোধন

ধুবুৰীত আজি জিলা শিশু সুৰক্ষা গোট, মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত সুৰক্ষিত শৈশৱ সোণালী অসম শীর্ষক ৯০ দিনীয়া শিশু সুৰক্ষা অভিযানৰ উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা শিশু সুৰক্ষা গোট আৰু ধুবুৰী জিলা প্রশাসনৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত শিশুৰ অধিকাৰ আৰু সুৰক্ষা সন্দৰ্ভত ৰাইজৰ মাজত সচেতনতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়। এই কার্যসূচীত উপস্থিত থকা অধিবক্তাসকলে শিশু সুৰক্ষা আৰু শিশু অধিকাৰৰ বিভিন্ন আইন, পকচ' আইন, শিশু নির্যাতন, বাল্য বিবাহ, শিশু শ্রমিক আদি সন্দর্ভত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত প্রযোজ্...

November 22, 2025 8:29 PM

views 25

ধুবুৰীত কাইলৈৰ পৰা ২৫ নৱেম্বৰলৈকে শ্রীগুৰু টেগ বাহাদুৰ চাহিবজীৰ ৩৫০ সংখ্যক ছহিদ দিৱস পালন

ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্ধাৰ গুৰু টেগ বাহাদুৰ চাহিবজীত কাইলৈৰ পৰা ২৫ নৱেম্বৰলৈকে ৩ দিনীয়া কাৰ্যসূচীৰে শিখ ধর্মাৱলম্বি লোকসকলৰ নৱম গুৰু শ্রীগুৰু টেগ বাহাদুৰ চাহিবজীৰ ৩৫০ সংখ্যক ছহিদ দিৱস পালন কৰা হ'ব। এই দিৱস উপলক্ষে ভাৰতীয় ৰে'ল বিভাগে যাত্ৰীৰ সুবিধা হোৱাকৈ ডিব্ৰুগড় ধুবুৰী, ৰায়পুৰ ধুবুৰী আৰু কলকাতা-ধুবুৰীৰ মাজত তিনিখন বিশেষ ৰেলৰ ব্যৱস্থা কৰা বুলি ৰে'ল বিভাগৰ তথ্যই সদৰি কৰিছে।

July 18, 2025 1:27 PM

views 20

গৌৰীপুৰত আৰক্ষী অভিযানত মাদক দ্রব্য জব্দ কৰাৰ লগতে ২ সৰবৰাহকাৰীক আটক

■ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে কালি অভিযান চলাই বুজন পৰিমাণৰ মাদকদ্রব্য জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে। গৌৰীপুৰৰ ডুমৰদহৰ ঠেংমেলা হাটত কালি বিয়লি চলোৱা অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰৰ লগতে আঠটা ম'বাইল ফোন, দুখন মটৰ চাইকেল আৰু অন্যান্য সামগ্রী জব্দ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ধৃত সৰবৰাহকাৰী দুজনে দীৰ্ঘদিন ধৰি মাদক দ্রব্য সৰবৰাহ কৰি অহাৰ অভিযোগ আছে। আৰক্ষীয়ে লোক দুজনক থানালৈ নি সোধাপোছা কৰি আছে। ইপিনে, মৰিগাঁও জিলাৰ জাগীৰোড আৰক্ষীয়ে যোৱানিশা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপ...

June 14, 2025 6:33 PM

views 28

গো-মাংসকেন্দ্ৰিক ঘটনাৰ বাবে ধুবুৰীৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ৩৮জন লোকক আটক

ধুবুৰীত গো-মাংসকেন্দ্ৰিক ঘটনাৰ বাবে আৰক্ষীয়ে যোৱা নিশা সমগ্ৰ জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ৩৮জন লোকক আটক কৰিছে। মুখ্যমন্ত্ৰীয়ে ধুবুৰীৰ ঘটনা নিয়ন্ত্ৰণৰ বাবে কালি আৰক্ষীক কঠোৰ হ'বলৈ আহ্বান জনাই জিলাখনৰ সকলো দাগী অপৰাধীকো গ্ৰেপ্তাৰ কৰাৰ বাবে নির্দেশ দিছিল। জিলাখনত যোৱা কেইবামাহ মান ধৰি পশ্চিমবংগৰ পৰা দৈনিক গোপন পথেৰে নিষিদ্ধ গো-মাংস কঢ়িয়াই অনাৰ তথ্য প্রকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এনে গো-মাংস সৰবৰাহকাৰীৰ বিৰুদ্ধে অনুসন্ধান কৰি গ্ৰেপ্তাৰ কৰিবলৈ জিলা প্ৰশাসনক নির্দেশ দিছিল। উল্লেখযোগ্য যে...

April 26, 2025 8:16 PM

views 25

ধুবুৰীৰ পাঁচমহলীয়া জিলা ন্যায়িক আদালত ভৱন আজি আনুষ্ঠানিকভাৱে উদ্বোধন

ধুবুৰীৰ পাঁচমহলীয়া জিলা ন্যায়িক আদালত ভৱন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৱে ন্যায়িক আদালত ভবন উদ্বোধন কৰে। উদ্বোধনী কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়া উপস্থিত থাকে। অনুষ্ঠানত জিলা ন্যায় পালিকা আৰু ধুবুৰী উকীল সন্থাৰ তৰফৰ পৰা কেইবাজনকো সম্বর্ধনা জনোৱা হয়। আজিৰ অনুষ্ঠানত জিলা ন্যায় পালিকাৰ অন্যান্য ন্যায়াধীশ, কৰ্মচাৰী, জিলাখনৰ আৰক্ষী অধীক্ষক, জিলা প্ৰশাসনৰ শীৰ্ষ আমোলা ব...

April 9, 2025 1:43 AM

views 29

ধুবুৰীৰ ভোলানাত মহাবিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত ছাত্র দিৱস উপলক্ষে বক্তৃতানুষ্ঠান সম্পন্ন

ধুবুৰীৰ ভোলানাত মহাবিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত আজি ছাত্র দিৱস উপলক্ষে এটি বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। ছাত্র নেতা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° উপেন্দ্রজিৎ শর্মাই উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে। ইয়াৰ লগতে মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° ধ্ৰুৱ চক্ৰৱৰ্তীয়ে ছাত্র নেতা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জীৱন, কৃতী আৰু জাতীয় বৌদ্ধিক সমাজ নিৰ্মাণত ছাত্ৰ সম...

December 6, 2024 10:51 AM

views 46

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান ধুবুৰী-ফুলবাৰী সংযোগী দলংখনৰ কাম ৫৩.২৭ শতাংশ সম্পূৰ্ণ: নীতিন গাডকাৰী

কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি সদনত কয়, যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান ধুবুৰী-ফুলবাৰী সংযোগী দলংখনৰ কাম ৫৩.২৭ শতাংশ সম্পূৰ্ণ হৈছে। তেওঁ লগতে কয়, যে ২০২৮ চনৰ ২২ অক্টোবৰৰ ভিতৰত এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব। সদনৰ প্রশ্নোত্তৰ কালত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ সকলো ৰাষ্ট্ৰীয় প্ৰকল্পৰ নিৰ্মাণ কাৰ্য ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ হ'ব। তেওঁ উল্লেখ কৰে যে অসমত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ ...

April 4, 2024 9:06 PM

views 37

ধুবুৰীৰ ছাগলীয়া বন বিভাগৰ কাঠৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান

♦ ধুবুৰীৰ ছাগলীয়া বন বিভাগে আজি কাঠৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা জব্দ কৰে। অভিযানকাৰী দলটোৱে কৈমাৰী পঞ্চমখণ্ড গাঁৱৰ গংগাধৰ নৈৰ কাষৰ পৰা এই চোৰাং কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয়।