August 27, 2025 7:02 PM August 27, 2025 7:02 PM
10
জেহাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ধুবুৰীত এজন শিক্ষকক আটক
ধুবুৰী জিলাৰ গোলকগঞ্জত জেহাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত এজন শিক্ষকক আটক কৰা হৈছে। বাংলাদেশৰ জামাদী ইছলামী নামৰ সংগঠনটোৰ সৈতে জড়িত থকাৰ অভিযোগত গোলকগঞ্জ আৰক্ষীয়ে লক্ষীমাৰী মজলীয়া বিদ্যালয়ৰ শিক্ষক শ্বাহ আলম সৰকাৰক আটক কৰে। বিদ্যালয়খনৰ আন এজন শিক্ষক হজৰত আলী বৰ্তমানলৈ পলাতক হৈ আছে। পলাতক হজৰত আলীৰ সন্ধানত গোলকগঞ্জ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।