July 12, 2025 7:07 PM

views 16

চিলাপথাৰত অনুষ্ঠিত সদৌ অসম মাধ্যমিক বিদ্যালয়ৰ কাৰ্যালয় সহায়ক সন্থাৰ ১৯ সংখ্যক ৰাজ্যিক প্ৰতিবেদনৰ সামৰণি

ধেমাজী জিলাৰ চিলাপথাৰত ১০ জুলাইৰ পৰা অনুষ্ঠিত হোৱা সদৌ অসম মাধ্যমিক বিদ্যালয়ৰ কাৰ্যালয় সহায়ক সন্থাৰ ১৯ সংখ্যক ৰাজ্যিক প্ৰতিবেদনখনি আজি সামৰণি পৰে। চিলাপথাৰ আৱাসীক উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অধিবেশনৰ আজি অন্তিম দিনা হোৱা স্মৃতি তর্পন, পতাকা উত্তোলন, গছপুলি ৰোপণৰ কাৰ্যসূচীৰ পাছত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাতে সহায়ক শীর্ষক এখন স্মৃতি গ্রন্থও উন্মোচিত হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ছয় শতাধিক প্রতিনিধিয়ে অংশগ্ৰহণ কৰা অধিবেশনখনিৰ জৰিয়তে নতুন কার্যালয় সহায়ক সকলক পদোন্নতিকে ধৰি কেইবাটাও...

June 23, 2025 6:54 PM

views 16

ধেমাজিৰ গোগামুখত শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জন কৰা ৬৯ গৰাকী প্ৰতিভাশালী যুৱক-যুৱতীক শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সম্বৰ্ধনা

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিৰ গোগামুখত শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জন কৰা ৬৯ গৰাকী প্ৰতিভাশালী যুৱক-যুৱতীক সম্বৰ্ধনা জনায়। মিছিং ছাত্র সংগঠন টাকাম মিছিং পৰিণ কেবাঙৰ উদ্যোগত অনুষ্ঠিত সম্বর্ধনা অনুষ্ঠানটোত উপস্থিত থাকি মন্ত্রী ডাঃ পেগুৱে চলিত বৰ্ষৰ নীট, জে ই ইৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰা শিক্ষাৰ্থীসকলৰ লগতে ফুটবল, উছু, কিক বক্সিঙৰ দৰে খেলসমূহত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব অর্জন কৰা খেলুৱৈসকলকো সম্ব...

June 7, 2025 7:18 PM

views 23

ধেমাজি জিলা কবি সন্মিলনৰ উদ্যোগত কেন্দ্ৰীয় অনুষ্ঠান কাব্যনন্দিনী অনুষ্ঠিত

ধেমাজি জিলা কবি সন্মিলনৰ উদ্যোগত দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান কাব্যনন্দিনী অনুষ্ঠিত কৰে। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডেৰ কুৰিতকৈও অধিক প্রতিষ্ঠিত কবিয়ে স্বৰচিত কবিতা পাঠ কৰে ।

June 7, 2025 7:15 PM

views 17

ধেমাজী ৰাজহুৱা প্ৰেক্ষাগৃহত অভিনন্দন কার্যসূচী অনুষ্ঠিত

সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজী জিলা সমিতিয়ে আজি ধেমাজী ৰাজহুৱা প্ৰেক্ষাগৃহত অভিনন্দন কার্যসূচী অনুষ্ঠিত কৰি এইবাৰৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ জিলাখনৰ ৪৫০ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনায়। অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কৃতী ছাত্র-ছাত্রীসকলক সফল শৈক্ষিক ভৱিষ্যতৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে মেধাৱী শিক্ষাৰ্থীসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে সোণোৱাল কছাৰী ছাত্ৰ সন্থাই এনেধৰণৰ সম্বৰ্ধনা কাৰ্যসূচীৰ আয়োজন কৰ...

June 6, 2025 7:18 PM

views 29

ধেমাজীৰ চিমেন নদীত নৈত উটি অহা মৃতদেহ উদ্ধাৰ

ধেমাজী জিলাৰ চিমেন নদীত আজি পুৱা নৈত উটি অহা এটি মৃতদেহ উদ্ধাৰ কৰা হয়। চিমেন নদীত দলং নিৰ্মাণৰ কাম চোৱা চিতাৰ দায়িত্বত থকা লোকে নদীত উটি অহা মৃতদেহটো প্ৰত্যক্ষ কৰি চিমেন চাপৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। মৃত লোকজন চিলাপথাৰ চিলিৰ ভাৰত বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ দালিগাঁৱৰ এজন লোকৰ ঘৰত কৰ্মৰত লোকজনৰ মৃত্যুৰ কাৰণ মৰনোত্তৰ পৰীক্ষাৰ পাছতহে জানিব পৰা যাব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

May 5, 2025 8:11 PM

views 23

মিচিং জনগোষ্ঠীয় ছাত্র সংগঠন টাকাম মিচিং পৰিন কেবাং চমুকৈ টি এম পি কে দাবী দিৱস পালন

ৰাজ্যৰ মিচিং বসতিপ্রধান অন্যান্য জিলাৰ লগতে ধেমাজি জিলাটো মিচিং জনগোষ্ঠীয় ছাত্র সংগঠন টাকাম মিচিং পৰিন কেবাং চমুকৈ টি এম পি কে দাবী দিৱস পালন কৰে। ১৯৮৪ চনৰ পৰা প্ৰতি বছৰে আজিৰ দিনটোত জনগোষ্ঠীটোৰ দল-সংগঠনসমূহে এই দিৱস পালন কৰি আহিছে। জনগোষ্ঠীটোৰ অমীমাংসিত ১৪ দফীয়াসমূহ মীমাংসাৰ বাবে এই কাৰ্যসূচী লোৱা হয়। জিলাখনৰ জোনাই আৰু চিলাপথাৰত আজি ছাত্ৰ সংগঠনটোৰ শতাধিক কর্মীয়ে মিচিং জনগোষ্ঠীয় অন্য দল-সংগঠনৰ সহযোগত এই দাবী দিৱস পালন কৰে। তেওঁলোকে জিলা আয়ুক্ত আৰু চক্রবিষয়াৰ জৰিয়তে দাবী সম্বলিত স্মাৰকপত্...

March 23, 2025 7:17 PM

views 22

ধেমাজি সমষ্টিৰ বৰুৱা ব্লক চাৰিআলিৰ পৰা সুবাহী চাৰিআলি সংযোগী ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ  পকী দলঙৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ আধাৰশিলা স্থাপন

ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম, জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজি সমষ্টিৰ বৰুৱা ব্লক চাৰিআলিৰ পৰা সুবাহী চাৰিআলি সংযোগী ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন পকী দলঙৰ আজি আধাৰশিলা স্থাপন কৰে। বিশ্ববেংকৰ পুঁজিৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অধীনত অনুমোদিত ৪ কোটি ৪৬ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলৈ লোৱা পকী দলংখনে যাতায়াতৰ ক্ষেত্ৰত অঞ্চলটোৰ লোকৰ দীৰ্ঘদিনীয়া সমস্যা দূৰ কৰিব বুলি আশা কৰা হৈছে।

February 14, 2025 6:36 PM

views 25

ধেমাজিত কেইবাটাও কাৰ্যসূচীত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ আৱৰ্ত ভৱনৰ নতুন গৃহৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি জিলাখনৰ আন কেইবাটাও কাৰ্যসূচীত অংশ লয়। ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ অধীনত ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই আৱৰ্ত ভৱনৰ ভূমি পূজন অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুবন পেগু উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত ধেমাজিৰ হাবুং ঐতিহ্য ক্ষেত্ৰত টাই সংগ্ৰহালয় নির্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। লোক নিৰ্মাণ বিভাগৰ অধীন...

February 10, 2025 1:24 PM

views 18

ধেমাজিত অনুষ্ঠিত সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিবার্ষিক অধিবেশনৰ সামৰণি

ধেমাজি জিলাৰ জিয়াচলত অনুষ্ঠিত সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিবার্ষিক ধেমাজি অধিবেশনৰ কালি সামৰণি পৰে। কালি অন্তিম দিনা আয়োজিত বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত জনগোষ্ঠীটোৰ তিনি শহস্রাধিক লোকে নিজৰ কৃষ্টি প্ৰদৰ্শন কৰে। এই শোভাযাত্ৰাত মিচিং, দেউৰী, গাৰোকে ধৰি কেইবাটাও জনগোষ্ঠীৰ লোকে অংশ লয়। সাংস্কৃতিক শোভাযাত্ৰাৰ পাছত আয়োজিত জনগোষ্ঠীয় সমাৰোহ আৰু মুকলি সভাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। অধিৱেশন উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্বৰ্ণৰেঘা নামৰ স্মৃতিগ্ৰন্থখন নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অস...

January 19, 2025 7:18 PM

views 20

ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ স্থায়ী প্রশাসনিক ভৱন, পানী যোগান ব্যৱস্থাৰ শুভ উদ্বোধন

ধেমাজি জিলাৰ চিলাপথাৰৰ চিমেন চাপৰিত আজি ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ স্থায়ী প্রশাসনিক ভৱন, মূল পথৰ লগতে পানী যোগান ব্যৱস্থাৰ শুভ উদ্বোধন কৰা হয়। ২০২৩ বৰ্ষত ১৪০ বিঘা ভূমিত আৰম্ভ হোৱা ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰতো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়া, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচায্যৰ লগতে কেই...