November 1, 2025 9:00 PM

views 27

ধেমাজি জিলাৰ চিলাপথাৰত সীমান্ত সমন্বয় সমাৰোহ

অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত শান্তি-সম্প্ৰীতিৰ পৰিৱেশ সুদৃঢ় কৰি তোলাৰ প্ৰয়াসৰ অংশ হিচাপে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ উদ্যোগত ধেমাজি জিলা প্রশাসন আৰু প্ৰতিবেশী ৰাজ্যখনৰ নামনি চিয়াং জিলা প্ৰশাসনৰ সহযোগত সীমান্ত সমন্বয় সমাৰোহ আজি অনুষ্ঠিত হয়। ধেমাজি জিলাৰ চিলাপথাৰত আয়োজিত এই সমাৰোহত অংশ লৈ মন্ত্ৰী অতুল বৰাই কয়, যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সদিচ্ছা আৰু একান্ত আগ্ৰহৰ বাবে এই সমাৰোহৰ আয়োজন কৰা হৈছে। ইতিমধ্যে প্রতিবেশী ৰাজ্য দুখনৰ মাজত সীমা সমস্যা সমাধানৰ পথ প্রশস্...