August 26, 2024 8:50 PM

views 21

ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিশেষ বৈঠক

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ এখন বিশেষ বৈঠকত মিলিত হয়। বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ কাৰ্যালয় মুকলি কৰি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। ১৯৪৯ চনত স্থাপিত বিদ্যালয়খনৰ মহাৰ্জত জয়ন্তী উদযাপন সমাৰোহ অহা ৩১ অক্টোবৰত আৰম্ভ হ'ব। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট সমিতিৰ সৈতে কার্যবাহী বৈঠকত মিলিত হৈ এই সমাৰোহ সাফল্যমণ্ডিত কৰি তোলা সন্দৰ্ভত আলোচনা কৰে।