November 26, 2024 12:10 PM

views 13

ধেমাজিত প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত কৃষকক শস্য বীমাৰ পলিচী বিতৰণ

কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আঁচনি প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত ধেমাজি জিলাৰ কৃষকসকলৰ মাজত কালি শস্য বীমাৰ পলিচী বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। কৃষি বিভাগৰ উদ্যোগত জিলাখনৰ মুঠ ১৭ হাজাৰ ১৩৬ জন ধানখেতি কৰা কৃষকক শস্য বীমাৰ পলিচী বিতৰণ কৰা হ'ব। ধেমাজি কৃষি উন্নয়নৰ খণ্ডৰ মুঠ এহেজাৰ ৬৭ জন কৃষকক কালি শুভাৰম্ভণি হিচাপে পলিচী প্ৰদান কৰা হয়।