August 11, 2025 8:46 PM

views 13

ধেমাজিত হত্যাৰ গোচৰৰ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

ধেমাজি জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে আজি এটা হত্যাৰ গোচৰৰ ৰায়দান কৰি এজন দোষীক যাৱজ্জীৱন কাৰাদণ্ড দিয়ে। ধেমাজি থানাত পঞ্জীয়ন হোৱা গোচৰটোৰ ৰায়দান কৰি আদালতে লোকজনক দোষী সাব্যস্ত কৰি এই শাস্তি প্ৰদান কৰে। লোকজনক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা হয় বুলি ধেমাজি আদালতৰ চৰকাৰী অধিবক্তাই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে দোষী সাব্যস্ত হোৱা ভবকান্ত নৰহে ২০১৯ চনত পুত্ৰক হত্যা কৰিছিল।