June 29, 2025 7:34 PM June 29, 2025 7:34 PM

views 3

ধেমাজি জিলাত ‘গ্রীষ্মানন্দ’ শীর্ষক  শিশু কল্যাণমুখী, শিক্ষা সহায়ক কাৰ্যসূচী গ্ৰহণ

ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ সৌজন্যত আৰু সমগ্ৰ শিক্ষা, ধেমাজিৰ সহযোগত গ্রীষ্মবন্ধ উপলক্ষে ধেমাজি জিলাত ‘গ্রীষ্মানন্দ’ শীর্ষক এটা শিশু কল্যাণমুখী, শিক্ষা সহায়ক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ১ জুলাইৰ পৰা হ'বলগীয়া গৰম বন্ধৰ দিনবোৰত ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিগত তথা সামাজিক জীৱনশৈলীৰ সুস্থ বিকাশ ঘটোৱাৰ লগতে ম'বাইল, টিভি ইত্যাদি আসক্তিৰ পৰা মুক্ত কৰি সু-অভ্যাস গঠন কৰাৰ উদ্দেশ্যেৰে এই কাৰ্যসূচীত দায়িত্ববোধ আৰু শৃংখলাপূৰ্ণ জীৱন অভ্যাসৰ প্রশিক্ষণ দিয়া হ'ব। ধেমাজি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা সমগ্ৰ শিক...