September 30, 2025 7:24 PM

views 32

ধেমাজি জিলা পৰিবহণ বিভাগৰ উদ্যোগত চিলাপথাৰত বাটৰ নাট প্ৰদৰ্শন কৰি পথ সুৰক্ষাৰ সন্দৰ্ভত সজাগ কৰাৰ প্ৰয়াস

ধেমাজি জিলাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি জিলা পৰিবহণ বিভাগ আৰু জিলা পথ সুৰক্ষা সমিতিয়ে চিলাপথাৰ নগৰত এলানি বাটৰ নাট প্ৰদৰ্শন কৰি পথ সুৰক্ষাৰ নিৰ্দেশাৱলী জনসাধাৰণক মানি চলিবৰ বাবে সজাগ কৰোৱাৰ প্ৰয়াস চলায়। শাৰদীয় দুর্গোৎসৱৰ সময়ছোৱাত যাতে কোনো ধৰণৰ পথ দুৰ্ঘটনা যাতে সংঘটিত নহয়, তাৰ প্ৰতি জনসাধাৰণক সচেতন কৰাৰ উদ্দেশ্যেৰে ধেমাজিৰ অন্যতম নাট্যগোষ্ঠী ‘থিয়েটাৰি ৰং থিয়েটাৰি ছঙ’ৰ শিল্পীসকলে পৰিৱেশন কৰা বাটৰ নাটে সকলোকে আপ্লুত কৰে।