April 4, 2025 6:40 PM

views 23

ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত এজন লোকক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা ধেমাজি জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতৰ

ধেমাজি জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতে আজি ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত এজন লোকক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে। ন্যায়াধীশ কৌশিক হাজৰিকাৰ বিচাৰপীঠে আজি ধেমাজি জিয়াচলৰ ৰামেশ্বৰ দলে নামৰ লোকজনক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে। জৰিমনা অনাদায়ে তেওঁ অতিৰিক্ত ৩ বছৰ কাৰাবাস খাটিব লাগিব বুলিও ৰায়টোত কোৱা হৈছে। ২০২৪ চনত এগৰাকী নাবালিকাক ধৰ্ষণৰ গোচৰত ৰামেশ্বৰ দলেৰ বিৰুদ্ধে ধেমাজি আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল। আদালতে বাদী আৰু বিবাদী পক্ষৰ যুক্তি-তর্ক শু...

March 26, 2025 7:51 PM

views 20

চাৰিটা পক্‌ছ’ গোচৰৰ অভিযুক্তক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান ধেমাজি জিলা আৰু ছেচন আদালতৰ

ধেমাজি জিলা আৰু ছেচন আদালতে আজি চাৰিটা পক্‌ছ' গোচৰৰ অভিযুক্তক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰিছে। ইয়াৰে প্ৰথমটো গোচৰত ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত সাক্ষীচৰণ বিশ্বাস নামৰ এজন লোকক দুগৰাকী নাবালিকাক ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত কৰি ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৩০ হাজাৰ টকাৰ জৰিমণা বিহে। আনটো গোচৰত আদালতে ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত মিলন নগৰৰ তিলক শ‍ইকীয়া নামৰ এজন লোকক নাবালিকা ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত কৰি ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৩০ হাজাৰ টকাৰ জৰিমণা বি...