June 25, 2025 9:08 PM

views 31

ধেমাজিত আৰক্ষী বিভাগৰ সৌজন্যত সমাজত বাল্যবিবাহৰ প্ৰভাৱ আৰু প্ৰতিকাৰ শীৰ্ষক সজাগতা সভা

ধেমাজি জিলাৰ আৰক্ষী বিভাগৰ সৌজন্যত আজি জিলাখনত সমাজত বাল্যবিবাহৰ প্ৰভাৱ আৰু প্ৰতিকাৰ শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এই সভাত সামাজিক ব্যাধিস্বৰূপ বাল্যবিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰা হয়। ধেমাজি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, চক্ৰ বিষয়া, শিশু সুৰক্ষা বিষয়া প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকা এই সভাত স্থানীয় দল-সংগঠনৰ কৰ্মী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশ লয় ।