June 5, 2025 9:32 PM June 5, 2025 9:32 PM

views 7

সামাজিক মাধ্যমত পক্ষী নিধনৰ দৃশ্য আপলোড কৰাৰ অভিযোগত ধেমাজিৰ চিমেন চাপৰিৰ ৩জন যুৱকক গ্ৰেপ্তাৰ

ধেমাজি আৰক্ষীৰ সহযোগত বন বিভাগে সামাজিক মাধ্যমত পক্ষী নিধনৰ ভয়াৱহ দৃশ্য আপলোড কৰাৰ অভিযোগত চিমেন চাপৰি অঞ্চলৰ তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। ধৃত যুৱক কেইজন চিমেনচাপৰি থানাৰ অন্তৰ্গত হস্তিনাপুৰৰ মুনীন্দ্ৰ মুছাহাৰী, লামকা গাঁৱৰ মহেশ্বৰ স্বৰ্গীয়াৰী আৰু শিৱৰাম স্বৰ্গীয়াৰী বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। আটাইকেইজনকে চিমেন চাপৰি থানাত আৰক্ষীৰ জিম্মাত ৰখা হৈছে। জিলা বন বিষয়াই প্ৰকাশ কৰা মতে এই যুৱক কেইজনে শৰালি, হাঁহ, পানী কাউৰী, কঁণামুচৰিকে ধৰি বিভিন্ন বনৰীয়া চৰাইসমূহ নিধন আৰু চৰাইৰ কণী সংগ্ৰহ...