October 26, 2025 7:05 PM October 26, 2025 7:05 PM
10
মুখ্যমন্ত্ৰীৰ ধৰ্মজ্যোতি আঁচনিৰ অধীনত গুৱাহাটীৰ ৩৪ গৰাকী জ্যেষ্ঠ নাগৰিকৰ গোৱালপাৰাৰ ঐতিহাসিক শ্রীসূৰ্যপাহাৰ দৰ্শন
মুখ্যমন্ত্ৰীৰ ধৰ্মজ্যোতি আঁচনিৰ অধীনত আজি গুৱাহাটীৰ ৩৪ গৰাকী জ্যেষ্ঠ নাগৰিকে গোৱালপাৰাৰ ঐতিহাসিক শ্রীসূৰ্যপাহাৰ দৰ্শন কৰে। তীর্থযাত্রীসকলে শ্রীসূৰ্যপাহাৰ দৰ্শন কৰি অভিভূত হৈ পৰা বুলি আকাশবাণীৰ আগত প্রকাশ কৰে। উল্লেখযোগ্য যে এই আঁচনিৰ জৰিয়তে অসম ৰাজ্যিক পৰিবহণ নিগমৰ সহযোগত জ্যেষ্ঠ নাগৰিকসকলক কম খৰচতে বিভিন্ন ধর্মীয় অনুষ্ঠান দৰ্শনৰ সুবিধা প্ৰদান কৰা হয়।