October 26, 2025 7:05 PM

views 26

মুখ্যমন্ত্ৰীৰ ধৰ্মজ্যোতি আঁচনিৰ অধীনত গুৱাহাটীৰ ৩৪ গৰাকী জ্যেষ্ঠ নাগৰিকৰ গোৱালপাৰাৰ ঐতিহাসিক শ্রীসূৰ্যপাহাৰ দৰ্শন

মুখ্যমন্ত্ৰীৰ ধৰ্মজ্যোতি আঁচনিৰ অধীনত আজি গুৱাহাটীৰ ৩৪ গৰাকী জ্যেষ্ঠ নাগৰিকে গোৱালপাৰাৰ ঐতিহাসিক শ্রীসূৰ্যপাহাৰ দৰ্শন কৰে। তীর্থযাত্রীসকলে শ্রীসূৰ্যপাহাৰ দৰ্শন কৰি অভিভূত হৈ পৰা বুলি আকাশবাণীৰ আগত প্রকাশ কৰে। উল্লেখযোগ্য যে এই আঁচনিৰ জৰিয়তে অসম ৰাজ্যিক পৰিবহণ নিগমৰ সহযোগত জ্যেষ্ঠ নাগৰিকসকলক কম খৰচতে বিভিন্ন ধর্মীয় অনুষ্ঠান দৰ্শনৰ সুবিধা প্ৰদান কৰা হয়।