December 20, 2025 7:03 PM

views 8

জোনাইৰ বিভিন্ন স্থানত বুজন পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

ধেমাজি জিলা আবকাৰি বিভাগ আৰু জোনাই সমজিলা আবকাৰি বিভাগে যৌথভাৱে অভিযান চলাই যোৱা নিশা জোনাই বিভিন্ন স্থানত বুজন পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰে। বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অসম-অৰুণাচল সীমান্তৰ কেইবাটাও অঞ্চলত অভিযান চলাই দলটোৱে এই ব্যৱসায়ৰ লগত জড়িত দুজন লোকক আটক কৰে। আটকাধীন লোক দুজনক বর্তমান আবকাৰি বিভাগৰ জিম্মাত ৰাখি সোধা পোছা কৰি থকা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। কলিয়াবৰৰ শিলঘাটত অবস্থিত অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোটত ২০ দিনীয়া অচলাবস্থাৰ অন্তত কাইলৈৰ পৰা পুনৰ উৎপাদন...

December 18, 2025 7:10 PM

views 15

ধেমাজি জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত আজিৰে পৰা পৰিৱেশ দিৱসৰ কাৰ্যসূচী গ্ৰহণ

উত্তৰ-পূব ভাৰতৰ পৰিবেশ আৰু বন্যপ্রাণী সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্ছ বেকনে ধেমাজি জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত আজিৰে পৰা পৰিৱেশ দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। নেচাৰ্ছ বেকনৰ সঞ্চালক তথা পৰিৱেশকর্মী সৌম্যদ্বীপ দত্তই আজি ধেমাজিৰ আৱৰ্ত ভৱনত এখন সংবাদমেলত জিলাখনৰ পবা অৰণ্যৰ সংৰক্ষণৰ গুৰুত্ব আৰু এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ কৰণীয় সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে পৰিৱেশ দিৱস শীর্ষক বিশেষ কাৰ্যসূচী গ্ৰহণৰ কথা জানিবলৈ দিয়ে। ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই দিৱসৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত নেচাৰ্ছ বেকনৰ ধেমাজি...

December 18, 2025 7:09 PM

views 15

ধেমাজিত আজি মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

 শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি বিধান সভা সমষ্টিত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ শিক্ষার্থীসকলক বিনামূলীয়া চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। নৱৰত্ন উচ্চ মাধ্যমিক বিদ্যালয়ত এই উপলক্ষ্যে আয়োজিত এটা অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিয়ে দুৰণিবতীয়া ছাত্র-ছাত্রীসকলক বিদ্যালয়লৈ অহা-যোৱা কৰাত সহায় কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ বিদ্যালয়ত উপস্থিতিৰ হাৰ বৃদ্ধি পাব। তেওঁ আঁচনিৰ জৰিয়তে উপকৃত হোৱা সকলো শিক্ষার্থীৰ সফল শৈক্ষিক ভৱিষ্যতৰ বাবে শুভেচ্ছা জনায়। উল্লেখযোগ্য...

December 6, 2025 12:33 PM

views 25

ধেমাজিত অহা ১১ৰ পৰা ১৪ ডিচেম্বৰলৈ তৃতীয় দুলুং সোৱণশিৰি প্রকৃতি মহোৎসৱৰ আয়োজন

ধেমাজিৰ গোগামুখত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সৌজন্যত অহা ১১ৰ পৰা ১৪ ডিচেম্বৰলৈ তৃতীয় দুলুং সোৱণশিৰি প্রকৃতি মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱৰ লগত সংগতি ৰাখি ৮ আৰু ৯ ডিচেম্বৰত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় আৰু গোগামুখ মহাবিদ্যালয়ত প্রকৃতি বিষয়ক এখন ৰাষ্ট্ৰীয় কর্মশালাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে দুলুং সংৰক্ষিত বনাঞ্চল আৰু সোৱণশিৰি নদীৰ জৈৱ বৈচিত্ৰ আৰু ঐতিহ্যক লৈ ২০২৩ চনৰ পৰা এই মহোৎসৱৰ আয়োজন কৰা হৈছে।

November 14, 2025 12:04 PM

views 23

ধেমাজিত আজি মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা আঁচনিৰ নিৰ্বাচিত হিতাধিকাৰীক চেক প্রদান

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাৰ অকাজানত অনুষ্ঠিত হ'বলগীয়া জন সমাবেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ নিৰ্বাচিত হিতাধিকাৰীক চেক প্রদান কৰিব। ইতিমধ্যে ধেমাজিত মুখ্যমন্ত্ৰীৰ আগমনৰ কাৰণে সভাস্থলীত সকলোবোৰ যাৱতীয় প্রস্তুতি সম্পন্ন কৰা হৈছে। এই আঁচনিৰ অধীনত কালি বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ ৩৬ হাজাৰ ৮৩৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক ১০ হাজাৰ টকাকৈ চেক প্রদান কৰা হয়। মুখ্যমন্ত্রী ড° শৰ্মাই এই উপলক্ষে ভোলাগুৰিৰ ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় চৌহদত আয়োজিত অনুষ...

October 24, 2025 12:35 PM

views 46

ধেমাজি জিলাৰ গোগামুখত মিচিং ক্রীড়া মহোৎসৱৰ তৃতীয় সংস্কৰণ আৰম্ভ

ধেমাজি জিলাৰ গোগামুখত কালি মিচিং ক্রীড়া মহোৎসৱৰ তৃতীয় সংস্কৰণ আৰম্ভ হয়। মিচিং জনগোষ্ঠীৰ পিছপৰা গ্ৰামাঞ্চলৰ প্ৰতিভাবান খেলুৱৈসকলক ৰাজ্যিক আন্তঃৰাজ্যিক পৰ্যায়ৰ লগতে বিশ্ব দৰবাৰতো এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যেৰে আয়োজিত এই ক্রীড়া মহোৎসৱত ৰাজ্যৰ ১৭ খন জিলাৰ ৩ হাজাৰ নিৰ্বাচিত খেলুৱৈয়ে বিভিন্ন ইভেন্টত অংশ ল'ব। ক্রীড়া মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানত কালি প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি তিনিটা নাহৰ গছৰ পুলি ৰোপণ কৰা হয়। ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱিৰে গেমছ ভিলেজৰ আদৰণি তোৰণ মুকলি কৰে...

October 17, 2025 7:41 PM

views 22

জনজাতিকৰণৰ দাবীত ধেমাজী জিলাৰ চিলাপথাৰত আটাছুৰ প্ৰতিবাদ সাব্যস্ত

টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি ধেমাজী জিলাৰ চিলাপথাৰত আটাছুৱে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। জনগোষ্ঠীটোৰ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে আজি চিলাপথাৰ বিশাল প্রতিবাদী সমদলেৰে উত্তাল কৰি তোলে। টাই আহোম জনগোষ্ঠী জনজাতিকৰণ, স্বায়ত্ত শাসন প্রদান আৰু ভূমি পট্টাৰ দাবীত এই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্রতিবাদৰ সময়ত টাই আহোম সহ ছয় জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্রদান নকৰিলে নতুন ৰাজনৈতিক দল গঠন কৰাৰো হংকাৰ দিয়ে। তাৰোপৰি ২০২৬ ৰ বিধানসভা নিৰ্বাচনত চৰকাৰক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি কয়। উল্লেখ...

October 14, 2025 7:10 PM

views 20

ধেমাজিত শিক্ষণ, বিজ্ঞানাত্মক, নেতৃত্ব আৰু উদ্ভাৱন শীর্ষক শিক্ষক সম্মিলন

 ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শিক্ষণ, বিজ্ঞানাত্মক, নেতৃত্ব আৰু উদ্ভাৱন শীর্ষক এখন জিলাভিত্তিক শিক্ষক সম্মিলন অনুষ্ঠিত হৈছে। ৰাজ্যিক শিক্ষা, গবেষণা আৰু প্রশিক্ষণ পৰিষদ চমুকৈ এছ চি আৰ টিৰ নিৰ্দেশত শিক্ষকসকলৰ উদ্ভাৱনীমূলক চিন্তাৰ খতিয়ান লোৱাৰ লক্ষ্যৰে এই সম্মিলনৰ আয়োজন কৰা হয়। জিলাভিত্তিক শিক্ষক সম্মিলনখনত ছটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰা হ'ব। সম্মিলনখনত জিলাখনৰ তিনিওটা শিক্ষাখণ্ডত প্রাক প্রাথমিক পর্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পর্যায়লৈকে নির্বাচিত ...

March 6, 2025 7:56 PM

views 25

সর্বাঙ্গীন বিকাশত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ধেমাজি জিলাৰ ১৫৮খন প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ক বঁটা প্ৰদান

ধেমাজি জিলাৰ ১৫৮খন প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ক আজি সমগ্র শিক্ষা ধেমাজিয়ে সর্বাঙ্গীন বিকাশত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বঁটা প্ৰদান কৰে। ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত জিলাখনৰ একোখনকৈ প্ৰাথমিক বিদ্যালয়ক শ্রেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু শ্ৰেষ্ঠ মাতৃ গোটৰ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকন, মৰিল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দ্বীপেন শ‍ইকীয়াকে ধৰি কেইবাগৰাকী শিক্ষা বিষয়া উপস্থিত থাকে।

January 20, 2025 1:14 PM

views 23

ধেমাজিৰ মাছখোৱাত আজি অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ চতুর্থ বার্ষিক অধিবেশন

ধেমাজিৰ মাছখোৱাত আজি হ'বলগীয়া অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ চতুর্থ বার্ষিক অধিবেশনত আকাশবাণী গুৱাহাটী কেন্দ্ৰক অনুপ্ৰেৰণা বঁটা ২০২৫ আগবঢ়োৱা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ নিয়মীয়া শ্রোতা তথা পত্ৰলেখক বঁটা দেৰগাঁৱৰ মন্টু বৰুৱা, লখিমপুৰৰ শান্তিৰাণী নাথ বৰুৱা আৰু ধেমাজিৰ দেবদত্তলৈ আগবঢ়োৱা হ'ব। শ্রেষ্ঠ ঘোষিকা বঁটা ২০২৫ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা বন্দনা হাজৰিকা আৰু যোৰহাট কেন্দ্ৰৰ ঘোষিকা পূৰৱী সভাপণ্ডিত ভট্টাচাৰ্যলৈ আগবঢ়োৱা হ'ব। নগাঁৱৰ প্ৰাঞ্জল শ‍ইকীয়াক সংবাদ বন্ধু বঁটা ২০২৫ আৰু আকাশবাণী ডি...