October 29, 2025 11:31 AM

views 14

ঢকুৱাখনা সমজিলাৰ সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ বিভিন্ন সমস্যা সম্পৰ্কত আলোচনা সভা

ঢকুৱাখনা সম জিলাৰ সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ এখন বৈঠক কালি অনুষ্ঠিত হয়। বৈঠকত ব্যৱসায় পৰিচালনা কৰোতে সন্মুখীন হোৱা বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা কৰাৰ লগতে অহা ১ৰ পৰা ১০ নৱেম্বৰলৈ পালন কৰিবলগীয়া অন্নসেৱা দিন আৰু ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনৰ নতুন আঁচনি ৰূপায়ণ আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ'ব। এই বৈঠকত ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেৰ লগতে লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনিয়া বৰগোহাঁই উপস্থিত থাকে।